দুঃখবৰ! জনপ্ৰিয় অভিনেতা মিথিলেশ চতুৰ্বেদীৰ বিয়োগ

মিউজ ডেস্কঃ জীৱনৰ পৰা মেলানি মাগিলে হিন্দী ছবিজগতৰ বৰ্ষীয়ান অভিনেতা মিথিলেশ চতুৰ্বাদীয়ে।

মুখ্যতঃ কমেডি চৰিত্ৰৰ অভিনয় কৰি জনপ্ৰিয় হৈ পৰা জ্যেষ্ঠ অভিনেতাগৰাকীৰ বুধবাৰে নিশা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৪ বছৰ।

পৰিয়ালৰ সূত্ৰ অনুসৰি কিছুদিন পূৰ্বে প্ৰথমটো হৃদৰোগত আক্ৰান্ত হৈছিল মিথিলেশ চতুৰ্বেদী। সেই সময়ত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল।

তাৰ পিছত চিকিৎসকৰ পৰামৰ্শ মতে লক্ষ্ণৌৰ নিজৰ ঘৰত জিৰণি লৈ আছিল। কিন্তু বুধবাৰে নিশা পুনৰ হাৰ্ট এটেক হৈ তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখ্য যে, কেইবাখনো হিন্দী ছবিত মুলতঃ কমেডী চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মনত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল মিথিলেশ চতুৰ্বেদীয়ে।

তেওঁ গডাৰ, কই মিল গয়া, তাল, কৃষ, কায়ামত, ফিজা, ৰেড্ডী আদি হিট ছবিত অভিনয় কৰিছিল।

ইয়াৰোপৰি কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি দৰ্শকৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল মিথিলেশ চতুৰ্বেদীয়ে।

শেহতীয়াকৈ তেওঁ অ’টিটি প্লেটফৰ্মৰ সৈতেও জড়িত হৈ পৰিছিল।

অভিনেতাগৰাকীৰ আকস্মিক বিয়োগে মৰ্মাহত কৰিছে তেওঁৰ অসংখ্য অনুৰাগীৰ লগতে ছবিপ্ৰেমীসকলক।