দুঃখবৰ! জ্যেষ্ঠ অভিনেতা সুনীল চিন্দে আৰু নাই…

দুঃখবৰ! জ্যেষ্ঠ অভিনেতা সুনীল চিন্দে আৰু নাই…

November 14, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ নিজৰ অভিনয় দক্ষতাৰে দশক দশক ধৰি ছবিপ্ৰেমীক মন্ত্ৰমুগ্ধ কৰি অহা মাৰাঠী ছবিজগতৰ প্ৰবীণ অভিনেতা সুনীল চিন্দে আৰু নাই!

সোমবাৰে পুৱতি নিশা প্ৰায় ১ বজাত মুম্বাইৰ ভিলে পাৰ্লেস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ অভিনেতাগৰাকীয়ে।

জানিব পৰা মতে, সোমবাৰে দুপৰীয়া এক বজাৰ পৰা আৰম্ভ হ’ব সুনীল চিন্দেৰ অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰা।

ইয়াৰ পিছতে পাশ্বীৱাড়াৰ শ্মসান ভূমিত শেষকৃত্য সম্পন্ন কৰা হ’ব প্ৰবীণ অভিনেতাগৰাকীৰ।

উল্লেখ্য যে, মাৰাঠী ছবিৰ লগতে কেইবাখনো হিন্দী ছবিত অভিনয় কৰিছিল সুনীল চিন্দেয়ে।

বাসৱ, গান্ধী, চৰফৰোছ আদিৰ দৰে হিন্দী ছবিত তেওঁ অভিনয় কৰি খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

তেওঁ অভিনয় কৰা কেইখনমান মাৰাঠী হিট ছবি হৈছে কথুং (১৯৮৯), মধুচন্দ্ৰচি ৰাত (১৯৮৯), জছা বাপ তাশে প’ৰ (১৯৯১), ঈশ্বৰ (১৯৮৯), নৰসিংহ (১৯৯১) আদি।

অৱশ্যে বিগত কিছু বছৰ তেওঁ ছবি জগতৰ পৰা আঁতৰি আছিল।

জ্যেষ্ঠ অভিনেতাগৰাকীৰ বিয়োগে মৰ্মাহত কৰিছে মাৰাঠী ছবি জগতখনক।