দুঃখবৰ! সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক, প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱৰ দেহাৱসান…

দুঃখবৰ! সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক, প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱৰ দেহাৱসান…

October 10, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক তথা উত্তৰ প্ৰদেশৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱ আৰু নাই।

যোৱা ২ অক্টোবৰৰ পৰা মেডাণ্ট হাস্পতালত চিকিৎসাধীন হৈ থাকি সোমবাৰে পুৱা ৮.১৬ বজাত ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, প্ৰস্ৰাৱৰ সংক্ৰমণ, ৰক্তচাপৰ সমস্যা আৰু উশাহ লোৱাত কষ্ট পোৱাৰ বাবে মুলায়ম সিং যাদৱক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। আৰু তেতিয়াৰ পৰাই সংকটজনক হৈ আছিল তেওঁৰ স্বাস্থ্য।

উত্তৰ প্ৰদেশৰ অন্যতম জনপ্ৰিয় নেতাগৰাকীৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পিছতে তেওঁৰ অসংখ্য অনুৰাগী আৰু সমাজবাদী পাৰ্টীৰ কৰ্মীসকলৰ মাজত শোকৰ জোৱাৰ উঠিছে।

মুলায়ম সিং যাদৱৰ পুত্ৰ তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ হৈ সমাজবাদী পাৰ্টিৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত মুলায়ম সিং যাদৱৰ মৃত্যু নিশ্চিত কৰা হৈছে।

মুলায়ম সিং যাদৱৰ মৃত্যুৰ তথ্য পোৱাৰ লগে লগে তেওঁৰ সমৰ্থক, ঘনিষ্ঠ পৰিয়ালৰ সদস্য আৰু ৰাজনৈতিক নেতা-কৰ্মীসকলৰ ভিৰ মেডান্ত হাস্পতালত সমবেত হ’বলৈ আৰম্ভ কৰে।

উল্লেখ্য যে, ১৯৬৭ চনত প্ৰথমবাৰৰ বাবে বিধায়ক হৈছিল মুলায়ম। ৮ বাৰ বিধায়ক আৰু ৭ বাৰ সাংসদ আছিল তেওঁ। তেওঁ তিনিবাৰকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু দুবাৰকৈ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।