দুঃসাহসিক! চাইকেলসহ নৈত পৰিল এজন লােক, নৈত জাঁপ দি জীৱন ৰক্ষা কৰিলে এগৰাকী মহিলাই…
July 18, 2022নিউজ ডেস্ক। এগৰাকী মহিলাৰ সাহসিকতাৰ বাবে নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰিল এজন লােক।
এই মহিলাগৰাকীৰ নাম দীপিকা ঠাকুৰীয়া।
ভৰা সুঁতিত ডুবিবলৈ ধৰা এগৰাকী ব্যক্তিৰ প্ৰাণৰক্ষা কৰিবলৈ নৈত জাঁপ দিলে দুঃসাহসী দীপিকাই।
দৰাচলতে এক ঘটনা সংঘটিত হৈছিল কামৰুপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বংশৰ কন্দালপাৰাত।
সন্ধিয়া ব্রহ্মপুত্র নদী সংলগ্ন এটা ভৰা সুঁতিৰ ওপৰত থকা বাঁহৰ দলঙেৰে খোজ কাঢ়ি গৈ আছিল বংশৰ কন্দালপাৰাৰ নিৱাসী দীপিকা ঠাকুৰীয়াই।
সেই সময়তে বাঁহৰ দলং খনেৰে বিপৰীত দিশৰ পৰা চাইকেল চলাই আহি আছিল হেমন্ত কলিতা নামৰ এগৰাকী ৫০ বৰ্ষীয় ব্যক্তি। কিন্তু হঠাৎ দলঙৰ পৰা তলৰ ভৰা সুঁতিত চাইকেলসহ বাগৰি পৰে ব্যক্তিজন।

দীপিকা ঠাকুৰীয়াৰ চকুৰ সন্মুখতে সংঘটিত এই ঘটনাত ভীতিগ্ৰস্ত হৈ তেওঁ চিঞৰ বাখৰ আৰম্ভ কৰাত লগে লগে বহু স্থানীয় লোক দলঙখনৰ দুয়োপাৰত উপস্থিত হয়।
স্থানীয় লোকে সুঁতিৰ মাজলৈ ৰচী দলিয়াই ডুবিবলৈ ধৰা হেমন্ত কলিতাক বচাবলৈ আপ্ৰাণ চেষ্টা চলায়।
কিন্তু অশেষ চেষ্টাৰ পিছতো স্থানীয় ৰাইজে দলিয়াই দিয়া ৰচীডাল ধৰি পাৰলৈ উঠি আহিবলৈ সক্ষম নহ’ল ব্যক্তিজন।

ইফালে লাহে লাহে এন্ধাৰ নামি অহাত শংকিত হৈ পৰে উপস্থিত লোকসকলো।
হেন সময়তে দীপিকা ঠাকুৰীয়াই নিজেই কঁকালত ৰচীডাল বান্ধি লৈ সুঁতিত জঁপিয়াই পৰে আৰু ডুবিবলৈ ধৰা ব্যক্তিজনৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে এই মহিলাগৰাকী ৰামপুৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অধীনস্থ বেংকমিত্র হিচাপে কৰ্মৰত।
ইফালে, ২৬ বৰ্ষীয় মহিলাগৰাকীৰ এই দুঃসাহিক কাৰ্যৰ বিষয়ে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কার্তিক এন অৱগত হোৱা বুলিও জানিব পৰা গৈছে।
দীপিকা ঠাকুৰীয়াক তেওঁ দেখুওৱা সাহসিকতাৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা সন্মানিত কৰাৰ বাবে আহ্বান জনাইছে সচেতন মহলে।
লগতে চাওকঃ
ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছত আজি অধ্যাপকৰ নীৰিক্ষণত কাৰাগাৰত পৰীক্ষাত বহিছে বৰ্ষাশ্ৰী বুঢ়াগোহাঁই

[…] দুঃসাহসিক! চাইকেলসহ নৈত পৰিল এজন লােক,… […]