দুই পালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাসকলেই ক্ৰয় কৰিব পাৰিব সুৰা! ক’ত বলৱৎ হ’ল এই নিয়ম?

নিউজ ডেস্ক। ক’ভিড বিধিৰ নামত দেশৰ বিভিন্ন ৰাজ্যত বলৱৎ হৈছে কিছুমান বিশেষ নীতি-নিয়ম।

এইবাৰ সুৰাৰ ক্ৰয়-বিক্ৰয়ক লৈ এক নতুন নিয়ম বলৱৎ কৰি চৰ্চিত হৈছে তামিলনাডুৰ ওতিৰ জিলা উপায়ুক্ত।

Capture

নতুন নিয়ম অনুসৰি, জিলাখনত এতিয়াৰে পৰা সুৰা ক্ৰয় কৰিবলৈ হ’লে আপুনি গ্ৰহণ কৰিব লাগিব দুপালি ক’ভিড প্ৰতিষেধক। অৰ্থাৎ যিসকল গ্ৰাহকে কভিড প্ৰতিষেধক গ্ৰহণ কৰা নাই, তেওঁলোকে সুৰাৰ বিপনীত লাভ নকৰিব সুৰা।

1

ওটি জিলা উপায়ুক্ত টিএমটি.জে. ইনোচেণ্ট দিব্যাই এক নিৰ্দেশ প্ৰদান কৰি কয় যে, কেৱল ১০০% টিকাকৰণ কৰা গ্ৰাহককহে সুৰা বিক্ৰী কৰিব পাৰিব সুৰা বিপনীয়ে।

লক্ষণীয়ভাৱে এই নিৰ্দেশটো এনে এটা আকৰ্ষণীয় সময়ত আহিছে, য’ত অৰ্থনীতি পুনৰুজ্জীৱিত কৰাৰ বাবে নীলগিৰিক পৰ্যটনৰ বাবে মুকলি কৰা হৈছে।

ৰাজ্যখনত সম্পূৰ্ণ টিকাকৰণ প্ৰক্ৰিয়া শেষ কৰাৰ প্ৰচেষ্টাত ওটি জিলা উপায়ুক্ত টিএমটি.জে. ইনোচেণ্ট দিব্যাই এই নিৰ্দেশ প্ৰদান কৰে।

এই নিৰ্দেশনাত লগতে কোৱা হয় যে সুৰা বিপনী সমূহতো কেৱল টিকাকৰণ কৰা কৰ্মচাৰীসকলেহে সুৰা বিক্ৰী কৰিবলৈ অনুমতি লাভ কৰিব।

অৱশ্যে কৰ্মচাৰী সকলে এপালি প্ৰতিষেধক গ্ৰহণ কৰিলেও হ’ব নে নহয়, সেই সন্দৰ্ভত কোনো কথা স্পষ্টভাৱে উল্লেখ কৰা হোৱা নাই। কিন্তু নীলগিৰিৰ তামিলনাডু ষ্টেট মাৰ্কেটিং কৰ্পোৰেচন লিমিটেড (টাচমেক) ৰ কিছুমান বিপনীয়ে নিৰ্দিষ্ট কৰিছিল যে গ্ৰাহকে সামগ্ৰী ক্ৰয় কৰিবলৈ দুয়োটা পঞ্জীভুক্ত পালিৰ প্ৰমাণ দেখুৱাব লাগিব।

Leave a Comment