দুই বাংলাদেশী নাগৰিকক আটক BSF ৰ, গতাই দিলে বাংলাদেশৰ সীমান্তৰক্ষীক

নিউজ ডেস্ক। এক মানৱীয়তা তথা সদিচ্ছাৰ নিদৰ্শন দাঙি ধৰিলে ভাৰতীয় সীমা সুৰক্ষা বল অৰ্থাৎ বি এছ এফে।

মেঘালয়ৰ পূব জয়ন্তীয়া পাৰ্বত্য জিলাৰ ভাৰত বাংলাদেশ সীমান্তত আটক কৰা দুই বাংলাদেশী নাগৰিকক স-সন্মানে গতাই দিলে বাংলাদেশ সীমান্তৰক্ষীক।

লাইজুৰি সীমান্ত চকীত এখন সভা অনুষ্ঠিত কৰি গতাই দিয়া হয় বাংলাদেশী নাগৰিক দুজনক। অবৈধভাৱে ভাৰতৰ সীমান্তত প্ৰৱেশ কৰা দুয়োজনকে স্বাস্থ্য পৰীক্ষা কৰি ঘূৰাই দিয়া হয়।

উল্লেখ্য যে যোৱা ৮ মাৰ্চত দুয়োজনে সীমান্তৰ স্তম্ভ নং ১৩২৩/৩-এছ পাৰ হৈ সন্ধিয়া ৬:৪৫ বজাত প্ৰৱেশ কৰিছিল ভাৰতীয় ভূ-খণ্ডত। দুয়োজনে বাংলাদেশৰ চিলেট জিলাৰ বিষ্ণুপুৰ গাঁৱৰ আহছান হাবিব ৰাজু (২৮) আৰু সন্দীপ দাস (৩৪) বুলি পৰিচয় দিয়ে।

এই সন্দৰ্ভত মেঘালয় সীমান্তৰ মহাপৰিদৰ্শক হৰদ্বিপ সিঙে কয় যে, সাধাৰণতে এনেদৰে আটক কৰা বিদেশী নাগৰিকক বিদেশী আইনৰ অধীনত স্থানীয় থানাক ব্যৱস্থা গ্ৰহণৰ বাবে গতাই দিয়া হয়। কিন্তু এইবাৰ এইক্ষেত্ৰত সদ্ভাৱ প্ৰমাণ কৰা হৈছে। সদিচ্ছা প্ৰদৰ্শনেৰে দুয়োজনক গতাই দিয়া হয় বাংলাদেশ সীমান্তৰক্ষীক।

Leave a Comment