দুখনকৈ বিলাসী বাহনত উদ্ধাৰ দুষ্প্ৰাপ্য কেংগাৰু, চিম্পাঞ্জী, কাছ! দুজনক আটক

দুখনকৈ বিলাসী বাহনত উদ্ধাৰ দুষ্প্ৰাপ্য কেংগাৰু, চিম্পাঞ্জী, কাছ! দুজনক আটক

September 8, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ বিলাসী বাহনেৰে দুষ্প্ৰাপ্য বন্যপ্ৰাণী সৰবৰাহৰ সময়তে ৰঙিয়াত আৰক্ষীৰ জালত পৰিল দুই সৰবৰাহকাৰী। বৃহস্পতিবাৰে পুৱতি নিশা ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই ছ’চাইটী চ’কত জব্দ কৰে দুষ্প্ৰাপ্য বন্য জীৱ-জন্তু ভৰ্তি দুখন বিলাসী বাহন।

এক গোপন খবৰৰ ভিত্তিত ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই ডিএল ৮চি একিউ ৯৮৭৬ নম্বৰৰ এখন ফৰ্চুনাৰ বাহন আৰু ডিএল ১০চিএইচ ৭৯২৪ নম্বৰৰ এখন ইন’ভা বাহন জব্দ কৰিবলৈ সক্ষম হয়।

দুয়োখন বাহনৰ পৰা আৰক্ষীয়ে ২টা কেংগাৰু, ২টা চিম্পাজী, বিভিন্ন প্ৰজাতিৰ ১৯টা বান্দৰ, ১৮ কাছ আৰু ২টা ভাটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে উদ্ধাৰৰ কিছু সময়ৰ পিছতে দুটা কাছৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে।

ইফালে বন্য জীৱ-জন্তুৰ চোৰাং সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে তামিলনাডুৰ থানেৰ ৰঘু সিং আৰু ভিলিপুৰমৰ কাৰ্থিক নামৰ দুজনক আটক কৰিবলৈ সক্ষম হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, সৰবৰাহকাৰী দুজনে মিজোৰামৰ সীমান্তয়েদি অসম পাৰ হৈ দিল্লীলৈ বন্যপ্ৰাণী সমূহ সৰবৰাহৰ চেষ্টা চলাইছিল। এই সৰবৰাহৰ সৈতে বৃহৎ চিণ্ডিকেট জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।