দুখন ৰে’লৰ মাজত মুখামুখি সংঘৰ্ষ! আহত ৫০ জন যাত্ৰী, সংকটজনক ১৩ জনৰ অৱস্থা

দুখন ৰে’লৰ মাজত মুখামুখি সংঘৰ্ষ! আহত ৫০ জন যাত্ৰী, সংকটজনক ১৩ জনৰ অৱস্থা

August 17, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিল ৫০ জন যাত্ৰীৰ। এখন যাত্ৰীবাহী ৰে’ল আৰু এখন মালবাহী ৰে’লৰ মাজত সংঘটিত সংঘৰ্ষত আহত হয় যাত্ৰীকেইজন।

আহত যাত্ৰী সকলৰ ১৩ জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

এই ৰে’ল দুৰ্ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ গণ্ডিয়া চহৰৰ সমীপত। জানিব পৰা মতে, ৰায়পুৰৰ পৰা নাগপুৰলৈ গৈ থকা ভগত কী কোঠী নামৰ যাত্ৰীবাহী ৰে’ল আৰু এখন সামগ্ৰী কঢ়িওৱা ৰে’লৰ মাজত সংঘটিত হয় এই সংঘৰ্ষ।

যাৰ ফলত যাত্ৰীবাহী ৰে’লখনৰ তিনিটা ডবা ৰে’ললাইনৰ পৰা উফৰি পৰে।

সেই সময়ত ৰে’লখনত থকা ৫০ জন যাত্ৰী এই দুৰ্ঘটনাত আহত হয়। পিছত ঘটনাস্থলীত উদ্ধাৰকাৰী দল আৰু ৰে’ল আৰক্ষী উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি জিলা চিকিৎসালয় আৰু এখন ব্যক্তিগত হাস্পতাললৈ প্ৰেৰণ কৰে।