দুমাহৰ ভিতৰতে পিতৃ-মাতৃ দুয়োকে হেৰুৱাই দিকহাৰা মেধাৱী ছাত্ৰী নীহাৰিকা! বাঢ়িছে ভৱিষ্যতক লৈ উদ্বিগ্নতা…

দুমাহৰ ভিতৰতে পিতৃ-মাতৃ দুয়োকে হেৰুৱাই দিকহাৰা মেধাৱী ছাত্ৰী নীহাৰিকা! বাঢ়িছে ভৱিষ্যতক লৈ উদ্বিগ্নতা…

January 29, 2023 Off By NEWS DESK

নিউজ ডেস্কঃ প্ৰায় দুমাহৰ ভিতৰতে পিতৃ-মাতৃ দুয়োকে হেৰুৱাই দিকহাৰা হৈ পৰিছে এগৰাকী মেধাৱী ছাত্ৰী।

পিতৃ-মাতৃৰ মৃত্যুৰ পিছত অকলশৰীয়া হৈ পৰা ছাত্ৰীগৰাকীয়ে এতিয়া ভৱিষ্যতে কেনেকৈ জীৱন নিৰ্বাহ কৰিব তাক লৈও চিন্তিত হৈ পৰিছে।

দৰঙৰ দেওমৰনৈৰ বৰিগাঁও নিৱাসী তথা দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰী নীহাৰিকা শৰ্মা।

অতি মেধাৱী ছাত্ৰীগৰাকীৰ পিতৃ দুগ্ধৰাম শৰ্মা উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ প্ৰায় দুমাহ পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰিছিল।

তাৰ পিছতে মাত্ৰ ১২ দিন পূৰ্বে প্ৰাণ হেৰুৱায় কৰ্কট ৰোগত আক্ৰান্ত মাতৃ ভৱিতা দেৱীয়েও।

উল্লেখ্য যে, পিতৃ-মাতৃৰ কনিষ্ঠ সন্তান নীহাৰিকাৰ দুগৰাকী বায়েক ইতিমধ্যে বিয়া হৈ ওলাই গৈছে।

যাৰ বাবে এতিয়া পিতৃ-মাতৃক হেৰুৱাই অকলশৰীয়া হৈ পৰিছে নীহাৰিকা।

আনহাতে ভৱিষ্যতে অধ্যয়নৰ লগতে নিজৰ খোৱা-বোৱাৰ খৰছক লৈও চিন্তিত হৈ পৰিছে ছাত্ৰীগৰাকী।

এনে সময়ত নীহাৰিকাক ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে গাঁওবাসীও।

যাৰ বাবে স্থানীয় বিধায়ক আৰু মুখ্যমন্ত্ৰীৰ লগতে সহৃদয়বান লোকক নীহাৰিকাক সহায় কৰিবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছে গাঁওবাসীয়ে।