দুষ্প্ৰাপ্য প্ৰজাতিৰ গৰু পোৱালিৰ দৃশ্যই মোহিছে সকলোকে, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

নিউজ ডেস্ক। সাধাৰণতে সামাজিক মাধ্যমত হাতী, বান্দৰ অথবা বিভিন্ন জন্তুৰ পোৱালিৰ খেলা-ধূলা শ্বেয়াৰ হৈ থাকে। যিসমূহ দৃশ্য উপভোগ কৰি ভাল পায় সকলোৱে। কিন্তু এইবাৰ সামাজিক মাধ্যমত ভাইৰেল হৈছে আন এক দৃশ্য। অৰ্থাৎ এটা মোহনীয় গৰু পোৱালি।

সামাজিক মাধ্যমৰ ৫০ ছেকেণ্ডৰ ভিডিঅ’টোত দেখা এই গৰু পোৱালিটোৱে পিন্ধি আছে জুনুকা। গৰাকীৰ লগত খেলি থকা দেখা গৈছে পোৱালি টোক আৰু পোৱালিটোৱে খোজ কাঢ়িলেই শুনা যায় বিশেষ ছন্দগত ধ্বনি।

এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে, এই প্ৰজাতিৰ গৰু বৰ্তমান বিলুপ্তপ্ৰায় অৱস্থাত যিটো প্ৰজাতিৰ নাম পুংগানুৰু।

এই প্ৰজাতিৰ গৰু ৩-৪ ফুট ওখ হোৱাৰ লগতে ১৫০-২০০ কিলোগ্ৰাম ওজনৰ হয়। ইয়াৰোপৰি এই প্ৰজাতিৰ গৰুৱে দৈনিক ৪-৫ লিটাৰ গাখীৰ দিয়ে।

লগতে চাওকঃ

পোহনীয়া গৰুৰ দেহত সংস্থাপন কৰা হ’ব মাইক্ৰ’ চিপ! ৰাজপথত ধৰা পৰিলে জৰিমনা ২৫,০০০ টকা

পেট্ৰ’ল পাম্পৰ সন্মুখত দুহাতত বেট্ আৰু হেলমেট্ লৈ প্ৰতিবাদ যুৱকৰ!

কৃতজ্ঞতা! পিতৃৰ অটোৰিক্সাত উঠি সম্বৰ্ধনা অনুষ্ঠানত অংশ ল’লে সুন্দৰী মান্যাই

দুঃসাহসী শিৱৰাণীৰ বাবে প্ৰাণ ৰক্ষা পৰিল কেবাজনাে বাছ যাত্ৰীৰ! নিহতৰ সংখ্যা ৫੦ অতিক্ৰম

Leave a Comment