দুৰ্গা পূজাৰ উছাহৰ মাজতে অঘটন! মন্দিৰৰ পৰা ওভতাৰ পথত দুৰ্ঘটনাত মৃত্যু কমেও ২৬জন ভক্তৰ

দুৰ্গা পূজাৰ উছাহৰ মাজতে অঘটন! মন্দিৰৰ পৰা ওভতাৰ পথত দুৰ্ঘটনাত মৃত্যু কমেও ২৬জন ভক্তৰ

October 2, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ দুৰ্গা পূজাৰ আনন্দ উছাহৰ মাজতে মন্দিৰৰ পৰা ওভতাৰ পথত এখন ট্ৰেক্টৰ-ট্ৰেইলাৰে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাত মৃত্যু ঘটে কমেও ২৬ জন ভক্তৰ।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কানপুৰ চহৰত।

জানিব পৰা মতে, শনিবাৰে ৫০ জন ভক্তই স্থানীয় এটা হিন্দু মন্দিৰত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ এখন ট্ৰেক্টৰ-ট্ৰেইলাৰেৰে উভতি অহাৰ পছতে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ট্ৰেক্টৰখন।

এই ভয়ংকৰ দুৰ্ঘটনাত ট্ৰেক্টৰখনত থকা কমেও ২৬ জন ভক্তৰ মৃত্যু ঘটাৰ বিপৰীতে আহত হয় আন বহু কেইজন। আহত সকলক উদ্ধাৰ কৰি স্থানীয় ৰাইজে ভৰ্তি কৰায় হাস্পতালত।

ইফালে দুৰ্ঘটনাত নিহত অধিকাংশই মহিলা আৰু শিশু বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰি নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।