নিউজ ডেস্কঃ সুদীৰ্ঘ দিনৰ প্ৰেম সম্পৰ্কৰ পিছত পূজাৰ বতৰতে বাংলাদেশৰ যুৱকৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ল আলফা নেতা অনুপ চেতিয়াৰ কন্যাই।
সামাজিক ৰীতি-নীতিৰে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ জেৰাইগাঁৱস্থিত বাসগৃহত সম্পন্ন হ’ল অনুপ চেতিয়া ওৰফে গোলাপ বৰুৱাৰ কন্যা বন্য বৰুৱা আৰু অনিৰ্বাণ চৌধুৰীৰ বিবাহখন।
উল্লেখ্য যে, আলফাৰ সদস্যৰূপে সুদীৰ্ঘ ২৮ বছৰ বাংলাদেশত আছিল অনুপ চেতিয়াই। অৱশ্যে বাংলাদেশত থকা সময়ত প্ৰায় ২০ বছৰ তেওঁ কাৰাবন্দী হৈয়ে আছিল।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/10/photo1665040859.jpeg?resize=900%2C675&ssl=1)
আনহাতে অনুপ চেতিয়াৰ সৈতে সেই সময়ত বাংলাদেশত আছিল তেওঁৰ পৰিয়ালো।
বাংলাদেশৰ ধানমণ্ডিৰ মাষ্টাৰমাইণ্ড আন্তঃৰাষ্ট্ৰীয় স্কুলত অনুপ চেতিয়াৰ কন্যা বন্যা বৰুৱাই পঢ়ি থকা সময়তে চিনাকি ঘটিছিল অনিৰ্বাণ চৌধুৰীৰ সৈতে।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/10/image-10.png?resize=900%2C621&ssl=1)
লাহে লাহে এই চিনাকি ভালপোৱালৈ ৰূপান্তৰিত হয় বন্যা আৰু অনিৰ্বাণৰ। পৰৱৰ্তী সময়ত অনিৰ্বাণে অষ্ট্ৰেলিয়াত থাকিবলৈ লয় যদিও দুয়োজনৰ মাজত প্ৰেম অব্যাহত থাকে।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/10/photo1665040859-1.jpeg?resize=720%2C960&ssl=1)
যাৰ বাবে পূজাৰ বতৰতে পৰিয়ালৰ মতত সামাজিক ৰীতিৰে বিবাহ পাশত আৱদ্ধ হয় বন্যা আৰু অনিৰ্বাণ।
এই বিয়াখনক লৈ আনন্দ ব্যক্ত কৰি অনুপ চেতিয়াই কয় যে তেওঁৰ সদায় বাংলাদেশৰ প্ৰতি এক আন্তৰিকতা আছে। যাৰ বাবে অনিৰ্বাণৰ সৈতে বন্যাৰ বিয়াত সন্মতি জনাই তেওঁ অত্যন্ত সুখী।
পৰিস্থিত স্বাভাৱিক হ’লে আইন পালন কৰি এবাৰ বাংলাদেশলৈ গৈ তেওঁৰ পুৰণি বন্ধু-বান্ধৱী সকলক লগ কৰাৰ ইচ্ছাও ব্যক্ত কৰে অনুপ চেতিয়াই।
উল্লেখ্য যে, ১৯৯৭ চনৰ ২১ ডিচেম্বৰত ঢাকাৰ মহম্মদপুৰ অঞ্চলৰ পৰা বাংলাদেশৰ চোৰাংচোৱাই গ্ৰেপ্তাৰ কৰিছিল আলফাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক গোলাপ বৰুৱা ওৰফে অনুপ চেতিয়াক।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/10/photo1665041015.jpeg?resize=735%2C438&ssl=1)
ভুৱা পাছপ’ৰ্টৰ লগতে বিদেশী মুদ্ৰা, ছেটেলাইট ফোন আদি ব্যৱহাৰ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা অনুপ চেতিয়াই তেতিয়াৰে পৰা ২০১৫ চনলৈকে বাংলাদেশৰ কাৰাগাৰত কাৰাবন্দী জীৱন পাৰ কৰিছিল।
পিছত ২০১৫ চনৰ ১২ নৱেম্বৰত ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তৰ জৰিয়তে তেওঁ মুক্তি লাভ কৰে আৰু বি এছ এফৰ জৰিয়তে ভাৰতলৈ আহে।
বৰ্তমান তেওঁ আলফাৰ আলোচনাপন্থী গোটৰ নেতা হিচাপে চৰকাৰৰ সৈতে শান্তি আলোচনাৰ উদ্যোগ লৈ আছে।