দুৰ্ঘটনাত দুই মডেলৰ মৃত্যু সন্দৰ্ভত বাহনৰ চালক আব্দুল ৰহমানক গ্ৰেপ্তাৰ

নিউজ ডেস্ক। যোৱা ১ নৱেম্বৰত পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল প্ৰাক্তন মিছ কেৰালা ২০১৯ আনচি কাবিৰ (২৪) আৰু মিছ কেৰালা ২০১৯ ৰ ৰানাৰ-আপ অঞ্জনা শজনৰ (২৫)। দুৰ্ঘটনাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল তেওঁলোকৰ বাহনখনৰ চালক আব্দুল ৰহমান (২৫)।

সেই অনুসৰি আৰক্ষীয়ে চালকক বিচাৰি অব্যাহত ৰাখিছিল অনুসন্ধান। আৰু অৱশেষত সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় পলাতক চালকজনক।

FDp-FVv9-VQAUPr-Xg

আৰক্ষীয়ে কয় যে, আব্দুল ৰহমান (২৫), যি দলটোৰ সংগী আছিল। তেওঁক গ্ৰেপ্তাৰ কৰা হয় আৰু যান-বাহন আইন আৰু ভাৰতীয় দণ্ডবিধিৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হয়। কিয়নো তেওঁ সুৰাপান কৰি গাড়ী চলাইছিল থকা বুলি জানিব পৰা গৈছিল।

FDGYu-Sz-UYAMQd38

আৰক্ষীয়ে জনায় যে, “ৰহমানে চিট বেল্ট পিন্ধি থকাৰ বাবে আৰু এয়াৰবেগৰ বাবে কেৱল সামান্য আঘাত পাইছিল। তেওঁৰ তেজৰ নমুনাৰ ফলাফলে দেখুৱাইছিল যে দুৰ্ঘটনাটোৰ সময়ত তেওঁ সুৰাপান কৰি আছিল। তেওঁক যান বাহন আইনৰ ধাৰা ১৮৫ (সুৰাপান কৰা ব্যক্তিৰ দ্বাৰা বা ড্ৰাগছৰ প্ৰভাৱত থকা ব্যক্তিৰ দ্বাৰা গাড়ী চলোৱা) আৰু ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০৪ ৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়।”

FDGYx-Hl-UUAEZqdg

উল্লেখ্য যে আনচি কাবিৰে মিছ কেৰালা ২০১৯ ত বিজয়ী হৈছিল আৰু পৰৱৰ্তী সময়ত ২০২১ চনত মিছ চাউথ ইণ্ডিয়া জয়ী হৈছিল। যেতিয়া তেওঁ মিছ কেৰালা ২০১৯ ৰ ৰানাৰ-আপ অঞ্জনা শজনৰ সৈতে ভ্ৰমণত আছিল, তেতিয়া তেওঁলোকৰ ১ নৱেম্বৰত এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল।

FDL3-POj-Vg-AAl-WK5

খবৰ অনুসৰি তেওঁলোকে যাত্ৰা কৰি থকা গাড়ীখনে ৰাস্তাত এজন মটৰ চালকক খুন্দা মৰাৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰিছিল। ঘটনাটো চক্কাৰাপাৰামবুৰ হলিডে ইন হোটেলৰ ওচৰত দুপৰীয়া প্ৰায় ১.৩০ বজাত সংঘটিত হৈছিল।

আৰক্ষীয়ে কয় যে গাড়ীখন দ্ৰুত গতিত আছিল, যাৰ বাবে সম্ভৱতঃ চালকজনে মটৰ চালকজনক এৰাই চলিব লগা হৈছিল আৰু ফলস্বৰূপে গছত খুন্দা মাৰিছিল।

FDHfmd-OVUAUt-P0-P

গাড়ীখনত থকা আন দুজন লোকো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু তেওঁলোকৰ এজনে ৭ নৱেম্বৰত প্ৰাণ হেৰুৱাইছিল।

লগতে চাওকঃ বিমান যাত্ৰী হিচাপে যোৱা চিকিৎসকে জীৱন ৰক্ষা কৰিলে সহযাত্ৰীৰ

G2

Leave a Comment