নিউজ ডেস্ক। বিহুৰ আনন্দ উছাহৰ মাজতে সংঘটিত হল ভয়ংকৰ দুৰ্ঘটনা।
হুচৰি গাবলৈ গৈ দুৰ্ঘটনাত পতিত বিহুৱা দলৰ বাহন।
দুৰ্ঘটনাত ৩ গৰাকী যুৱতীসহ ৫ জনৰ মৃত্যু।

জানিব পৰা পৰে, গহপুৰৰ টকৌবাৰী ৰঙাজানত নিশা সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা।
হুচৰি গাবলৈ যোৱাৰ পথত এটা বিহুৱা দলৰ বলেৰ’ পিকআপ বাহনখন দুৰ্ঘটনাত পতিত হয়। বাহনখনৰ ভিতৰত আছিল ২০ জন যুৱক-যুৱতী।

এই দুৰ্ঘটনাত ৩ গৰাকী যুৱতী সহ ৫ জনৰ মৃত্যু ঘটাৰ লগতে আন কেইবাজনো আহত হয়।

নিহত সকলক- ৰাধিকা দৈমাৰী (১৫), বুদ্ধিমতী বড়ো (১৪), বৰ্ণালী বড়ো (১৫), সঞ্জয় বসুমতাৰী (১৭) আৰু কলিমন বসুমতাৰী (২১) বুলি চিনাক্ত কৰা হৈছে।
Deeply pained by the loss of 5 young lives in an unfortunate road accident at Biswanath last night.
— Himanta Biswa Sarma (@himantabiswa) April 17, 2022
My condolences to the bereaved families of Sanjay Basumatary (17), Koliman Basumatary (21), Bornali Boro (15), Budhimoti Boro (14) and Radhika Daimary (15).
ॐ शांति
নিহত আটাইকেইজনৰ ঘৰ গহপুৰৰ উত্তৰকাৰী বিল আৰু পুৰণি গেৰেজ গাঁৱত বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাক কেন্দ্ৰ কৰি শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত।

ইপিনে, স্থানীয় লােকে অভিযােগ কৰা অনুসৰি, বাহনখনৰ চালকজনে অত্যধিক সুৰাপান কৰাৰ ফলতে এই শােকাৱহ দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনা সংঘটিত কৰিয়েই চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই ঘটনাত গভীৰ শােক প্ৰকাশ কৰিছে।
অসমৰ বিশ্বনাথ জিলাৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে অতিশয় মৰ্মাহত হৈছো। তেওঁলোকৰ পৰিয়ালবর্গলৈ সমবেদনা জনাইছো। আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো: প্ৰধানমন্ত্ৰী @narendramodi
— PMO India (@PMOIndia) April 17, 2022
ইপিনে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদী এই দুৰ্ঘটনাত মৰ্মাহত হৈ পৰিছে।
তেওঁ টুইটাৰৰ জৰিয়তে কয়, ‘অসমৰ বিশ্বনাথ জিলাৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে অতিশয় মৰ্মাহত হৈছো। তেওঁলোকৰ পৰিয়ালবর্গলৈ সমবেদনা জনাইছো। আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।’
লগতে চাওকঃ
