দুৰ্ঘটনাত মৃত্যু হোৱা বন্ধুৰ স্মৃতিত ৪৯ হাজাৰ হেলমেট বিতৰণ এজন লোকৰ…

নিউজ ডেস্ক। এজন লোকৰ এক বিশেষ পদক্ষেপ। বন্ধুৰ স্মৃতিত তেওঁ কৰিছে সেই বিশেষ কাম।

পথ দুৰ্ঘটনাত মৃত্যু হোৱা বন্ধুৰ স্মৃতিত তেওঁ আনৰ সুৰক্ষাৰ বাবে বিতৰণ কৰিছে হেলমেট।

প্ৰায় ৪৯ হাজাৰ হেলমেট বিতৰণ কৰে তেওঁ। যাৰ বাবে তেওঁৰ বৰ্তমানলৈকে খৰচ হৈছে প্ৰায় ২ কোটি টকা।

এই লোকজন হল বিহাৰৰ এজন কম্পিউটাৰ অভিযন্তা ৰাঘবেন্দ্ৰ কুমাৰ (৩৪)। এই কাৰ্যৰ বাবে বৰ্তমান তেওঁ ‘হেলমেট মেন অফ ইণ্ডিয়া’ হিচাপে সকলোৰে পৰিচিত হৈ পৰিছে।

663164-FEATUREHelmet-man-noida

জানিব পৰা মতে, দিল্লীত পথ দুৰ্ঘটনাত মৃত্যু হোৱা এজন বন্ধুৰ স্মৃতিত অভিযন্তা ৰাঘবেন্দ্ৰ কুমাৰে যোৱা ৭ বছৰত বিনামূলীয়াকৈ ৪৯,০০০ হেলমেট বিতৰণ কৰিছে। যেতিয়া কুমাৰে হেলমেট বিনামূলীয়াকৈ বিতৰণৰ বাবে পুঁজিৰ সংকটৰ সন্মুখীন হৈছিল, তেতিয়া তেওঁ তেওঁৰ ৩ বিঘা পৈতৃক ভূমি আৰু গ্ৰেটাৰ নয়ডাত থকা তেওঁৰ এটা ঘৰ বিক্ৰী কৰি দিছিল।

সেয়েহে কুমাৰক এতিয়া তেওঁৰ কামৰ বাবে ‘হেলমেট মেন অফ ইণ্ডিয়া’ হিচাপে আখ্যা দিয়া হৈছে।

এই সন্দৰ্ভত কুমাৰে কয়, “২০১৪ চনত বিহাৰৰ মধুবনী জিলাৰ পৰা অহা মোৰ বন্ধু কে কে ঠাকুৰে নয়ডাত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল। তেওঁ হেলমেট অবিহনে বাইক চলাইছিল। তেতিয়াৰ পৰা মই তেওঁৰ স্মৃতিত হেলমেট বিতৰণ কৰি আহিছো।”

তেওঁ লগতে কয় যে, “যেতিয়া মই হেলমেট ক্ৰয় কৰাৰ বাবে পুঁজিৰ সংকটৰ সন্মুখীন হৈছিলো। তেতিয়া মই বিহাৰত মোৰ জন্মস্থানত থকা ৩ বিঘা মাটি আৰু গ্ৰেটাৰ নয়ডাত ক্ৰয় কৰা এটা ঘৰ বিক্ৰী কৰিছিলো।”

E-c-Sl0-XEAkf6-I0

উল্লেখ্য যে, যোৱা সাত বছৰত কুমাৰে দিল্লী, বিহাৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান, হাৰিয়ানা, পশ্চিম বংগ, ঝাৰখণ্ড আৰু হিমাচল প্ৰদেশকে ধৰি ২২ খন ৰাজ্যত ৪৯,২৭২ টা হেলমেট বিতৰণ কৰা বুলি দাবী কৰে।

কুমাৰে কয়, “মই এতিয়ালৈকে ব্ৰেণ্ডেড কোম্পানীৰ ৪৯, ২৭২ টাতকৈও অধিক হেলমেট ক্ৰয়ৰ বাবে প্ৰায় ২ কোটি টকা ব্যয় কৰিছো। মই এই কাৰ্য অব্যাহত ৰাখিম। কিয়নো ই মোৰ বন্ধুৰ বিদেহী আত্মালৈ শান্তি আনিব।”

তেওঁ দাবী কৰি কয় যে, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় সমষ্টি বাৰাণসীত মই হেলমেটবিহীন বাইক আৰোহীসকলৰ মাজত ৬,৫০০ তকৈও অধিক হেলমেট বিতৰণ কৰিছো।”

E-c-Uww-Xo-Acx-Nb-F

কুমাৰে বিহাৰত সৰ্বাধিক সংখ্যক হেলমেট অৰ্থাৎ ১৩০০০ হেলমেট বিতৰণ কৰিছে। যাৰ ভিতৰত আছিল তেওঁৰ গৃহ জিলা কাইমুৰ। কাইমুৰত তেওঁ ৪,০০০ হেলমেট বিতৰণ কৰিছে।

তেওঁ কৰ্পৰেট হাউচসমূহক ভাৰতক দুৰ্ঘটনামুক্ত কৰাৰ বাবে কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ অধীনত হেলমেট দান কৰিবলৈ আহ্বান জনায়।

কুমাৰে বিভিন্ন হেলমেট নিৰ্মাণকাৰী কোম্পানীৰ লিংক আৰু ঠিকনাৰ সৈতে ‘হেলমেটমেন’ নামৰ এটা ৱেবছাইটো প্ৰস্তুত কৰিছে।

শেহতীয়াকৈ, কুমাৰে ৰাখী বন্ধনৰ দিনা বিহাৰৰ ছোৱালী তথা যুৱতীসকলক তেওঁলোকৰ ভাতৃৰ বাবে উপহাৰ হিচাপে দিবলৈ ১৭৩ টা হেলমেট দান কৰিছিল।

তেওঁৰ এই সেৱাত মুগ্ধ হৈ বলীউড অভিনেতা চনু সুদে তেওঁক ‘ভাৰতৰ হেলমেট মেন’ হিচাপে এটা ব্যক্তিগত নতুন চেনেলৰ অনুষ্ঠানৰ বাবে আতিথ্য প্ৰদান কৰিছিল।

সেই অনুষ্ঠানটো সোনকালেই সম্প্ৰচাৰ কৰা হ’ব বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

সাপ্তাহিক ৰাশিফল

Leave a Comment