দুৰ্ঘটনাৰ পাছত চলিল উদ্ধাৰ অভিযান, জােৱানৰ হাতত উঠিল নিজ মাতৃৰ মৃতদেহ

নিউজ ডেস্ক। উদ্ধাৰকাৰী দলৰ জোৱানে ট্ৰেক্টৰ দুৰ্ঘটনা হৈ পুখুৰীত পৰা মানুহক কৰি আছিল উদ্ধাৰ। তেনেতে উদ্ধাৰকাৰী দলৰ জোৱানৰ হাতত উঠি আহিল এটা মৃতদেহ।

নিজেই পাৰলৈ তুলি আনি প্ৰত্যক্ষ কৰোতে দেখে যে সেইয়া তেওঁৰ মাতৃ। আৰু মাতৃক দেখি চিঞৰি কান্দি উঠিল জোৱান পুত্ৰ।

এই ঘটনা সোমবাৰে সংঘটিত হয় ছত্তীশগড়ৰ দান্তেৱাড়া জিলাত। এই ঘটনাত চাৰিজন লোক নিহত হোৱা বুলি জানিব পৰা যায়।

জানিব পৰা মতে, হীৰানাৰত জনজাতীয় দিৱসৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ কেটকল্যাণ খণ্ডৰ টেটমৰ পৰা আহিছিল ২৫-৩০ জন লোক। তেওঁলোক আহিছিল ট্ৰেক্টৰত। কিন্তু আহি থাকোতেই হঠাতে চালকে নিয়ন্ত্ৰণ হেৰুৱাই।

যাৰ ফলত ট্ৰেক্টৰখন লুটি খাই পথৰ কাষৰ পানী ভৰ্তি পুখুৰীত সোমাই পৰে। লগে লগে এই খবৰ লাভ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে উদ্ধাৰকাৰী দল সহ উপস্থিত হয় ঘটনাস্থলীত।

ঘটনাস্থলীত উপস্থিত হয় স্থানীয় লোক আৰু ট্ৰেক্টৰত অহা লোক সকলৰ আত্মীয়। উদ্ধাৰকাৰী দলে আৰম্ভ কৰে উদ্ধাৰ অভিযান।

দুৰ্ঘটনাগ্ৰস্ত ট্ৰেক্টৰখন

বহুতো লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে তেওঁলোকে। কিন্তু বহুতো লোক সোমাই পৰে ট্ৰেক্টৰৰ ট্ৰলীৰ তলত। যাৰ ফলত সকলো ডুব যায়।

উদ্ধাৰকাৰী দলে ট্ৰলী দাঙি ডুব যোৱা লোক সকলকো উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে। তেনেতে এজন জোৱানৰ হাতত লাগে এটা মৃতদেহৰ হাত। লগে লগে তেওঁ পাৰলৈ তুলি আনে মৃতদেহটো। পাৰত তেওঁ দেখে যে সেইয়া তেওঁৰ মাতৃ।

মাতৃৰ মুখ প্ৰত্যক্ষ কৰি লগে লগে চিঞৰি কান্দি উঠে জোৱানজন। জোৱানজনে জনা নাছিল যে সেই ট্ৰেক্টৰত তেওঁৰ মাতৃ আহিছিল। পৰৱৰ্তী সময়ত সহকৰ্মী জোৱান সকলে জোৱানজনক বুজাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। নিহত মহিলা গৰাকীৰ নাম ফুক কাৱাচী বুলি জনা যায়। আৰু জোৱান জনক বাচু কাৱাচী বুলি জানিব পৰা যায়।

ঘটনাস্থলীৰ দৃশ্য

এই ঘটনাত ১৯ জন লোক আহত হয় আৰু ৫ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা যায়। দুৰ্ঘটনাটোত ফুকে কাৱাচীৰ উপৰিও ৯ বছৰীয়া দিনেশ মাৰ্কাম, ১৬ বছৰীয়া দাচাই কাৱাচী আৰু ৩৫ বছৰীয়া কোছা মাদৱীও নিহত হয়।

উল্লেখ্য যে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ঘটনাৰ শোক প্ৰকাশ কৰে আৰু মৃতকৰ নিকটাত্মীয়ক ৪ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে।

Leave a Comment