দুৰ্ঘটনাৰ পাছত বিকল হ’ল গাড়ীৰ চেন্ট্ৰেল ল’ক, অভিনেত্ৰী তথা ভাবী স্বামীৰ মৃত্যু

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা দুৰ্ঘটনা। দ্ৰুতবেগী বাহনে দলঙৰ খুঁটাত খুন্দা মৰাৰ বাবে পৰিলগৈ খাৱৈত।

কিন্তু গাড়ীৰ চেণ্ট্ৰেল লকৰ বাবে বাহিৰলৈ ওলাই আহিব নোৱাৰিলে গাড়ীখনত যোৱা দুই আৰোহী। যাৰ ফলত মৃত্যু হয় দুয়োৰে।

ইয়াৰে এগৰাকী আৰোহী আছিল অভিনেত্ৰী আৰু আন গৰাকী তেওঁৰ হ’ব লগীয়া স্বামী। দুয়োৰে ঘৰ পুনেত বুলি জানিব পৰা যায়।

এই ঘটনা সোমবাৰে পুৱা সংঘটিত হয় গোৱাৰ আৰপোৰা গাঁৱৰ ওচৰৰ বাগা-কালাঙ্গুট পথত।

121438200-1321304024879139-7954380100544539056-n

নিহত দুজনক ২৫ বছৰীয়া অভিনেত্ৰী ইশাৱৰী দেশপাণ্ডে আৰু তেওঁৰ প্ৰেমিক ২৮ বছৰীয়া শুভম দেজ বুলি চিনাক্ত কৰা হয়।

অভিনেত্ৰী গৰাকীয়ে অলপতে এখন হিন্দী আৰু এখন মাৰাঠী চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ কৰিছিল।

খবৰ অনুসৰি, দুয়োজনে যোৱা ১৫ ছেপ্টেম্বৰত গোৱালৈ বন্ধৰ ভ্ৰমণত গৈছিল। সোমবাৰে পুৱা ৫ মান বজাত দুয়ো আৰপোৰা গাঁৱৰ ওচৰৰ এটা ঠেক ৰাস্তাত গৈ আছিল।

চলন্ত অৱস্থাত চালক শুভমে বাহনখনৰ নিয়ন্ত্ৰণ হেৰুৱাই আৰু গাড়ীখন দলঙৰ খুঁটাত খুন্দা মাৰে। যাৰ ফলত গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হয় আৰু এটা গভীৰ খাৱৈত পৰি ডুব যায়।

93803214-2512156988890353-2053428451242672128-n

কিন্তু গাড়ীখনৰ চেণ্ট্ৰেল লকৰ বাবে দুয়ো গাড়ীৰ ভিতৰৰ পৰা ওলাই আহিব নোৱাৰিলে। যাৰ ফলত দুয়োৰে গাড়ীৰ ভিতৰত মৃত্যু হয়।

উল্লেখ্য যে তেওঁলোক দুয়োৰে আছিল পুৰণি বন্ধুত্ব। সেই বন্ধুত্বই এক সম্পৰ্কৰ ৰূপ লৈছিল। সেই অনুসৰি অহা মাহত তেওঁলোক দুয়োৰে বাগদান হোৱাৰ কথা আছিল।

82057877-2324340961005291-1112673761213022208-n

এই দুৰ্ঘটনাই বৰ্তমান তেওঁলোকৰ পৰিয়ালৰ সকলোকে হতবাক কৰি তুলিছে। ইশাৱৰী পুনেৰ কিৰকাতৱাড়ীৰ বাসিন্দা আৰু শুভম নান্দেদ চহৰ অঞ্চলৰ বাসিন্দা আছিল। যদিও অভিনেত্ৰী গৰাকীয়ে তেওঁৰ মাৰাঠী আৰু হিন্দী চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিছিল, কিন্তু চিনেমাখনৰ মুক্তিৰ পূৰ্বে কিছু কাম সম্পন্ন হ’বলৈ বাকী আছিল।

গোৱা আৰক্ষীয়ে জনোৱা অনুসৰি, সোমবাৰে পুৱা প্ৰায় ৭ বজাত অগ্নি নিৰ্বাপক বাহিনীৰ দলে মৃতদেহ আৰু গাড়ীখন উদ্ধাৰ কৰে। আৰু পৰৱৰ্তী সময়ত মৃতদেহ দুটা পৰিয়ালৰ লোকক চমজাই দিয়া হয়।

Leave a Comment