দুৰ্নীতিগ্ৰস্ত IAS মহিলাৰ আলম লৈ সমগ্ৰ নাৰী সমাজক সাঙুৰি লোৱা লােকক প্ৰত্যুত্তৰ মহিলা IPS বিষয়াৰ

নিউজ ডেস্কঃ ঝাৰখণ্ডৰ দুৰ্নীতিগ্ৰস্ত আইএএছ বিষয়া পূজা সিংঘলৰ কেইবাটাও ঠিকনাত ইডিয়ে চলোৱা অভিযানে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।

শুকুৰবাৰে ইডিয়ে পূজা সিংঘলৰ বাসগৃহত অভিযান চলাই ১৯ কোটিতকৈও অধিক টকা জব্দ কৰিবলৈ সক্ষম হয়।

এই সমগ্ৰ ঘটনাই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমতো।

মহিলা আইএএছ বিষয়াগৰাকীৰ দুৰ্নীতি পোহৰলৈ অহাৰ পিছতে একাংশই সামাজিক মাধ্যমত সমগ্ৰ নাৰী জাতিকে সামৰি লোৱাও পৰিলক্ষিত হৈছে। তেনে এগৰাকী ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীক এগৰাকী মহিলা আইপিএছ বিষয়াই দিয়া প্ৰত্যুত্তৰে লাভ কৰে অন্য এক চৰ্চা।

টুইটাৰত এজন ব্যৱহাৰকাৰীয়ে আইএএছ পূজা সিংঘলক সমালোচনা কৰি মন্তব কৰিছিল, “আইএএছ বিষয়া- পূজা সিংঘল। হয়, ইডিয়ে ক্ষমতাপ্ৰাপ্ত মহিলাগৰাকীৰ ঘৰত অভিযান চলায় আৰু নগদ ১৯ কোটি টকা জব্দ কৰে। এনেদৰেই ভাৰত আগবাঢ়ি আছে আৰু মহিলাসকল শক্তিশালী হৈছে। মহিলাসকলৰ বাবে এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ পৰিকল্পনা। কেৱল লুণ্ঠন।”

টুইটাৰ ব্যৱহাৰকাৰীৰ এই মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰে আইপিএছ ডি ৰূপাই।

তেওঁ টুইটাৰত লিখিছে, “এয়া সঁচাকৈয়ে বেদনাদায়ক। ইফালে সিফালে ক’ৰবাত হোৱা এটা ভুলৰ বাবে সকলো মহিলাই অভিশাপ পাবলৈ আৰম্ভ কৰিছে। এনে ধৰণৰ সহমত গঠন কৰাটো সঠিক নহয়। কিন্তু তাতকৈও বেদনাদায়ক কথাটো হ’ল যে ইয়াত এজন প্ৰতিভাবান বেচমেট জড়িত আছে, যাক আমি মুচৌৰী একাডেমীত প্ৰশিক্ষণৰ সময়ত ‘ভৱিষ্যতৰ কেবিনেট সচিব’ বুলি মাতিছিলোঁ।”

এনেদৰেই এতিয়া সামাজিক মাধ্যমত বিভিন্নজনে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে। মহিলা আইএএছ বিষয়া পূজা সিংঘলৰ দুৰ্নীতিয়ে সকলো আইপিএছ আৰু আইএএছৰ ওপৰতে সন্দেহৰ আঙুলি উত্থাপন কৰিছে।

উল্লেখ্য যে, শুক্ৰবাৰে, ইডিয়ে আইএএছ বিষয়া পূজা সিংঘল আৰু তেওঁৰ ঘনিষ্ঠ সহযোগীসকলৰ কেইবাটাও স্থানত তালাচী চলাইছিল।

এই সময়ছোৱাত, নগদ ১৯ কোটি টকাৰ অধিক ধনৰ লগতে বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰা হয়। আইএএছ পূজা সিংঘলে ঝাৰখণ্ড চৰকাৰৰ খনি আৰু ভূ-বিজ্ঞান সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

Leave a Comment