দুৰ্নীতি নিবাৰকৰ অভিযানৰ পূৰ্বে জ্বলাই দিলে উৎকোচ হিচাপে লোৱা ৫ লাখ টকা!

নিউজ ডেস্ক। এক আচৰিত ঘটনা। এজন মহকুমাধিপতিৰ হৈ ৫ লাখ টকাৰ উৎকােচ লােৱা এজন লােকে দুৰ্নীতি নিবাৰক শাখাৰ অভিযানৰ পূৰ্বে নিজৰ ঘৰত জ্বলাই দিলে সমুদাই ধন।

অৱশ্যে ইয়াৰ পিছতাে ৰক্ষা নপৰিল গ্ৰেপ্তাৰৰ পৰা। উক্ত ধনৰ অৱশিষ্টসহ অভিযানকাৰী দলটােৰ জালত পৰিল লােকজন।

এই ঘটনা মংগল বাৰে সংঘটিত হয় তেলেংগানাৰ নগৰকুৰনুল জিলাত।

ঘটনা অনুসৰি, স্থানীয় মহকুমাধিপতি নিৰ্দেশত এজন মধ্যভােগীয়ে এজন লােকৰ পৰা উৎকোচ হিচাপে লৈছিল ৫ লাখ টকা। কিন্তু দুৰ্নীতি নিবাৰক শাখাই অনুসন্ধান চলাব বুলি খবৰ লাভ কৰি মহকুমাধিপতিয়ে তুৰন্তে সেই টকা জ্বলাই পেলাবলৈ নিৰ্দেশ দিয়ে।

সেই অনুসৰি ঘৰৰ দৰ্জা বন্ধ কৰি লোকজনে পাকঘৰৰ গেছ ষ্টভত জ্বলাই থাকে টকা। তেনেতে ঘৰত উপস্থিত হয় দুৰ্নীতি নিবাৰকৰ দল আৰু গ্ৰেপ্তাৰ কৰে লোকজনক।

দুৰ্নীতি নিবাৰক শাখাই জনোৱা অনুসৰি, ভেলদন্দা মণ্ডলৰ মহকুমাধিপতি ছাইদুলুৱে ভেংকাতাইয়াহ গৌদ নামৰ এজন লোকক চৰকাৰী কামৰ বাবে ৫ লাখ টকা উৎকোচ সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিছিল।

খনন আৰু ভূ-তাত্বিক বিভাগৰ পৰা অনুমতি প্ৰদানৰ নামত বিষয়াজনে এই ধনখিনি টকা দাবী কৰিছিল। এই বিষয়ে গােপন তথ্য লাভ কৰি তদন্ত চলায় ৰাজ্যখনৰ দুৰ্নীতি নিবাৰক শাখাই।

সেই অনুসৰি বিভাগীয় দলটো মধ্যভােগীজনৰ ঘৰত উপস্থিত হোৱাৰ পূৰ্বেই তেওঁ ঘৰৰ দৰ্জা বন্ধ কৰি পাকঘৰৰ গেছ ষ্টভত জ্বলাই থাকে টকা আৰু তেতিয়াই লোকজনক হাতে-লােটে ধৰা পেলায় অভিযানকাৰী দলটােৱে।

বিভাগে সেই সময়ত ৪২ খন সম্পূৰ্ণভাৱে জ্বলি যোৱা ২০০০ টকীয়া নোট আৰু বাকীসমূহ ৫০০ টকীয়া আৰু ২০০০ টকীয়া আধা পােৰা নোট লোকজনৰ পৰা উদ্ধাৰ কৰে। বৰ্তমান ভেংকাতাইয়াহ আৰু ৰাজহ বিষয়াজন দুৰ্নীতি নিবাৰক শাখাৰ জিম্মাত আছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে ৰাজস্থানতো সংঘটিত হৈছিল এনে এক অনুৰূপ ঘটনা য’ত এগৰাকী মহকুমাধিপতিয়ে উৎকােচ হিচাপে লােৱা নগদ ১੦ লাখ টকা জ্বলাই দিছিল।

দুৰ্নীতি নিবাৰকৰ অভিযানৰ পূৰ্বে নগদ ২০ লাখ টকা পাকঘৰত জ্বলাই দিলে এজন চৰকাৰী বিষয়াই!

Leave a Comment