দৃষ্টিশক্তি হেৰুৱাই পেলোৱা কাজিৰঙাৰ ‘কৃষ্ণা’ৰ কৰুণ কাহিনী…

জীৱনৰ আঁত হেৰুৱাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ‘কৃষ্ণা’ই।

জীৱনৰ আধা বয়সতে দৃষ্টিশক্তি হেৰুৱাই আজি দুৰ্বিসহ হৈ পৰিছে এই হাতীজনীৰ জীৱন। অচিন ৰোগত আক্ৰান্ত হৈ উদ্যানখনৰ ‘কৃষ্ণা’ নামৰ হাতীজনীয়ে হেৰুৱাই পেলাইছে দৃষ্টিশক্তি।

এই সুন্দৰ পৃথিৱীখন দুচকুৰে নেদেখাৰ ব্যথা কিমান সেয়া হয়তো দৃষ্টিশক্তি হেৰুৱাই পেলোৱা প্ৰতিজনেই উপলব্ধি কৰে। কিন্তু কৃষ্ণাই সেয়া উপলব্ধি কৰিও আনক বুজাবলৈ সক্ষম নহয়।

ৰাষ্ট্ৰীয় উদ্যানখনৰ আন আন হাতীৰ দৰেই এসময়ত স্বচ্ছন্দ জীৱন কটাইছিল কৃষ্ণাই।

G5

১৯৭২ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে জন্মলাভ কৰা কৃষ্ণাই উদ্যানখনৰ মাজতেই পাৰ কৰিছে তাইৰ শৈশৱ, কৈশোৰৰ কাল।

১৯৮২ চনৰ পৰা কাজিৰঙা বনকৰ্মীসকলৰ বাবে কাম কৰা আৰম্ভ কৰিছিল কৃষ্ণাই। বনকৰ্মীৰ শিৱিৰলৈ খাদ্য কঢ়িয়াই নিয়া, উদ্যানৰ দুৰ্গম অঞ্চললৈ বনকৰ্মীক লৈ যোৱা আদি কামত সিদ্ধহস্ত আছিল কৃষ্ণা নামৰ হাতীজনী।

এই ৰাষ্ট্ৰীয় উদ্যানতে তিনিটাকৈ সন্তান জন্ম দি মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিছিল কৃষ্ণাই। কাজিৰঙাৰ প্ৰতিটো চুক-কোণ চিনি পাইছিল এই হাতীজনীয়ে।

কিন্তু নিয়তিৰ পৰিহাসত ১৫ বছৰমান পূৰ্বে এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হয় কৃষ্ণা। উদ্যানৰ চিকিৎসকসকলে কৃষ্ণাক সুস্থ কৰি তোলাৰ সমস্ত প্ৰয়াস চলায়।

চিকিৎসক, বনকৰ্মীৰ প্ৰচেষ্টাত কৃষ্ণা সুস্থ হৈ উঠে ঠিকেই, কিন্তু চিৰদিনলৈ তাই হেৰুৱাই পেলায় দৃষ্টিশক্তি!

মাউতৰ হাতৰ পৰশত আজিও কৃষ্ণা সষ্টম হৈ উঠে। এতিয়াও যেন কৃষ্ণাই নিজৰ পিঠিত তুলি বনকৰ্মীসকলক লৈ যাব বিচাৰে অৰণ্যৰ দুৰ্গম স্থানসমূহলৈ!

কিন্তু কৃষ্ণাই এতিয়া আৰু পূৰ্বৰ দৰে সম্পাদন কৰিব নোৱাৰে নিজৰ কাৰ্য। দৃষ্টিশক্তি হেৰুৱাই এক দুৰ্বিসহ জীৱন পাৰ কৰা কৃষ্ণা লাহে লাহে এলাগী হৈ পৰিছে বনকৰ্মীসকলৰ বাবেও!

হয়, কৃষ্ণা কেৱল এটা হাতী! কিন্তু তথাপিও তাইৰ যন্ত্ৰণা মানুহতকৈও কোনো গুণেই কম নহয়।

কাজিৰঙাৰ মুকলি স্বচ্ছন্দ জীৱন এৰি এনেদৰে অন্ধ আৰু বন্দীত্বৰ জীৱন পাৰ কৰিবলগা হৈছে আজি কৃষ্ণাই।

লগতে চাওকঃ

আৰক্ষী বিষয়া হোৱাৰ সপোন আছিল কীৰ্তিকমলৰ! কিন্তু এতিয়া সপোন সপোন হৈয়ে ৰৈ যাব…

G1

Leave a Comment