দৃষ্টিহীন দৰা-কইনাই হোমৰ অগ্নিক সাক্ষী কৰি আৰম্ভ কৰিলে নতুন জীৱন

নিউজ ডেস্ক। হোমাগ্নিক সাক্ষী কৰি সাত পাক ঘূৰিলে তেওঁলোকে। হয়, তেওঁলোক। যি জন্মৰ পৰাই অন্ধ।

কেতিয়াও ভবা নাছিল যে তেওঁলোকে এদিন এনে শুভ মূহুৰ্তৰ সাক্ষী হ’ব। কিন্তু নভবাকৈয়ে তেওঁলোকৰ সেইয়া সম্পন্ন হ’ল।

জন্মান্ধ দুয়োৱে দৰা-কইনাৰ সাজ পিন্ধি হোমৰ অগ্নিক সাক্ষী কৰি আৰম্ভ কৰিলে যুগ্ম জীৱন। দৃষ্টিহীন সেই দুই দৰা কইনা হল জ্যোৎস্না আৰু বাপি। বুধবাৰে তেওঁলোকৰ বিবাহ সম্পন্ন হয় শিলিগুৰিত।

তেওঁলোকৰ আৰম্ভ হ’ল নতুন জীৱনৰ যাত্ৰা। তেওঁলোকে কোনোদিনে ভাবিবই পৰা নাছিল তেনে দিনৰ কথা।

জানিব পৰা মতে তেওঁলোকৰ বাবে চিন্তা কৰি এই উদ্যোগ ললে সমাজসেৱী আৰক্ষী বাপন দাসে। তেওঁৰ সৈতে সহযোগ কৰিলে শিলিগুৰিৰ বহুতো স-হৃদয়ৱান মানুহে। সকলোৰে সন্মিলিত প্ৰচেষ্টাত বুধবাৰে নিশা সম্পন্ন হয় জ্যোৎস্না আৰু বাপিৰ বিবাহ।

জানিব পৰা মতে, শিলিগুৰিৰ মইনাগুৰিৰ বাসিন্দা জ্যোৎস্না দাস। আনহাতে শিলিগুৰিৰ বিধাননগৰৰ দৃষ্টিহীন সকলৰ আবাসিক স্কুল স্নেহাশ্রমত থাকে দৰা বাপি চক্ৰৱৰ্তী। বাপিৰ ঘৰ ঝাৰখণ্ডত।

মাহচেৰেক পূৰ্বে দিল্লীত হৈছিল তেওঁলোকৰ চিনাকি। তাৰ পিছতেই দুয়োৰে মাজত গঢ় লৈ উঠে প্ৰেমৰ সম্পৰ্ক।

নিয়মিতভাৱে ফোনত কথা হয় দুয়োৰে। আৰু তেনেদৰেই আহি বুধবাৰে বিবাহৰ দোলেৰে বান্ধ খালে এই দৃষ্টিহীন পাত্র-পাত্রীয়ে।

হিন্দু ধৰ্মৰ ৰীতি অনুসৰি পুৰোহিতৰ মন্ত্রোচাৰণৰ মাধ্যমেৰে সম্পন্ন হয় দুয়োজনৰ বিবাহ। কভিড বিধি অনুসৰি নিমন্ত্ৰণ কৰা হৈছিল সামান্য অতিথি।

বৰযাত্ৰী হৈ আহিল মাত্ৰ কেইজনমান লোক। বিবাহত পৰিৱেশন কৰা হৈছিল বেণ্ডপার্টিও। বেণ্ডৰ সুৰ, তাল ধৰিছিল দৃষ্টিহীন স্কুলৰ আবাসিক সকলে।

বাপন দাস সহ আন সকল বিবাহৰ বাবে নামি পৰিল হাতে কামে। খাদ্যৰ তালিকাত মাছ মাংসকে ধৰি আছিল বিবিধ ব্যঞ্জন। নিজৰ বিবাহক লৈ সুখী হৈ পৰিল নৱ দম্পতী। আমন্ত্ৰিত সকলো অতিথিও হল সুখী। সকলোৱে দুয়োকে প্ৰদান কৰিলে আশীৰ্বাদ।

সমাজ সেৱী তথা উদ্যোগ বহন কৰা বাপন দাসে কয় যে, “এনেদৰে সকলো আগবাঢ়ি আহিলে সকলো সম্ভৱ হৈ উঠে। আজি তেওঁলোক দুয়োৰে ইচ্ছা পূৰণ হল। ই এক ডাঙৰ প্ৰাপ্তি।”

দৰা বাপি চক্ৰৱৰ্তীয়ে কয়, “এনেদৰে বিবাহ হব বুলি কোনোদিনেই ভবা নাছিলো। সকলোৰে আশীৰ্বাদে আমাৰ নতুন জীৱন ভাল কৰক।”

Leave a Comment