নিউজ ডেস্ক। শনিবাৰৰ পৰা ৰাজ্যৰ বিভিন্ন অঞ্চলত আৰম্ভ হৈছে বৰষুণ।
কােনাে কােনাে জিলাত প্ৰবল বৃষ্টিপাতৰ লগতে বজ্ৰপাতৰ ঘটনাও সংঘটিত হৈছে।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2021/07/G8-1.jpg?resize=889%2C458&ssl=1)
মনচুনৰ সময়ছােৱাত জুলাই মাহত এনে বাৰিষা ৰাজ্যৰ বাবে তেনেই স্বাভাৱিক ঘটনা।
ইপিনে, শনিবাৰে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি পশ্চিম অসমৰ ৬ খন জিলাৰ অধিকাংশতে প্ৰবল বৃষ্টিপাতৰ পূৰ্ণ সম্ভাৱনা আছে।
এই জিলা কেইখন হৈছেঃ ধুবৰী, দক্ষিণ শালমাৰা-মানকাচৰ, কােকৰাঝাৰ, চিৰাং, গােৱালপাৰা, বঙাইগাঁও, বৰপেটা আৰু বাক্সা।
অসমৰ সমূহ জিলাৰ বাবে বতৰৰ জিলাভিত্তিক আগজাননী#weatherforecast #Assam @Indiametdept pic.twitter.com/8LAvpjHhGQ
— RWFC Guwahati (@GuwahatiRmc) July 17, 2021
বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, এই জিলাকেইখনত প্ৰবল বৰষুণৰ লগতে বজ্ৰপাতৰাে পূৰ্ণ সম্ভাৱনা আছে।
এই জিলাকেইখনৰ উপৰি ৰাজ্যৰ সকলাে জিলাতেই কম-বেছি পৰিমাণে বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে বৰঝাৰ স্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।
লগতে চাওকঃ