দেশৰ ‘কমেডি কিং’ ৰাজু শ্ৰীবাস্তৱৰ দেহাৱসান

দেশৰ ‘কমেডি কিং’ ৰাজু শ্ৰীবাস্তৱৰ দেহাৱসান

September 21, 2022 Off By NEWS DESK

নিউজ ডেস্ক। অৱশেষত বিগত ৪২ দিনে মৃত্যুৰ সৈতে যুঁজত হাৰ মানিলে ‘কমেডি কিং’ হিচাপে বিখ্যাত কমেডিয়ান সত্য প্ৰকাশ শ্ৰীবাস্তৱ ওৰফে ৰাজু শ্ৰীবাস্তৱে।

বুধবাৰে নতুন দিল্লী এইমছত চিকিৎসাধীন অৱস্থাতে শেষ নিস্বাস ত্যাগ কৰে জনপ্ৰিয় কমেডিয়ানগৰাকীয়ে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৮ বছৰ।

উল্লেখ্য যে জিমত ব্যায়াম কৰি থকা অৱস্থাত বিগত ১੦ আগষ্টত বুকুত প্ৰচণ্ড বিষ অনুভৱ কৰাৰ পিছতে তেওঁক নতুন দিল্লী এইমছত ভৰ্তি কৰােৱা হৈছিল।

উল্লেখ্য যে জিমত ব্যায়ামৰ সময়ত বুকুত বিষৰ অনুভৱ হােৱাৰ পিছত তেওঁক নতুন দিল্লীস্থ এইমছত ভৰ্তি কৰােৱা হৈছিল।

কিন্তু ইয়াৰ পিছতে তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে।

অৱশেষত সুদীৰ্ঘ ৪২ দিনে চিকিৎসাধীন হৈ থকা ৰাজু শ্ৰীবাস্তৱে বুধবাৰে শেষ নিস্বাস ত্যাগ কৰে।

এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ৰাজু শ্ৰীবাস্তৱৰ পৰিয়ালৰ লােকে।

উত্তৰ প্ৰদেশৰ কানপুৰত ২৫ ডিচেম্বৰ ১৯৬৩ জন্মগ্ৰহণ কৰা ৰাজু শ্ৰীবাস্তৱে কমেডি, অভিনয়ৰ উপৰি ৰাজনীতিৰ ক্ষেত্ৰখনতাে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

উল্লেখ্য যে তেওঁ ষ্টেণ্ড-আপ কমেডি শ্ব’ ‘দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জ’ৰ জৰিয়তে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

ইং ২੦੦৫ চনত দেশজুৰি ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল এই কমেডি অনুষ্ঠানে।

এই সফলতাৰ পিছতে তেওঁ দেশজুৰি ‘গজােধৰ’ নামেৰেও জনপ্ৰিয় হৈছিল।

ইয়াৰ উপৰি তেওঁ হিন্দী চলচ্চিত্ৰ “মেইনে পিয়াৰ কিয়া”, “বাজিগৰ”, “বোম্বাই টু গোৱা” (ৰিমেক) আৰু “আমদানি আঠানি খৰচা ৰূপৈয়া”ত অভিনয় কৰিছিল।

তেওঁ “বিগ বছ” চিজন-৩ অন্যতম প্ৰতিযোগী আছিল।

তেওঁ উত্তৰ প্ৰদেশ চলচ্চিত্ৰ উন্নয়ন পৰিষদৰ অধ্যক্ষ আছিল।