দেশৰ সবাতোকৈ বয়সীয়াল ভােটাৰে গ্ৰহণ কৰিলে ক’ভিড-১৯ৰ প্ৰতিষেধক

নিউজ ডেস্ক। দেশৰ সবাতোকৈ বয়সীয়াল ভােটাৰ হিচাপে পৰিচিত নাম হৈছে হিমাচল প্ৰদেশৰ কিন্নাওৰ জিলাৰ শ্যাম চৰণ নেগী। এই লােকজনৰ বয়স হৈছে ১০৩ বছৰ।

এইবাৰ এই শতায়ু গৰকা বৃদ্ধজনে সকলোকে ক’ভিড-১৯ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাই মংগলবাৰে গ্ৰহণ কৰিলে কভিড প্ৰতিষেধক।

তেওঁ প্ৰতিষেধক গ্ৰহণ কৰিলে কল্পস্থিত তেওঁৰ ঘৰৰ পৰা ৫০০ মিটাৰ দূৰত্বৰ এটা স্বাস্থ্য কেন্দ্ৰত।

প্ৰতিষেধক গ্ৰহণ কৰি বৃদ্ধজনে কয় যে, “কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ সকলোকে কভিড প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনালো।” তেওঁ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ যাওঁতে স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক-কৰ্মচাৰীসকলে তেওঁক আদৰি নিয়ে। তেওঁৰ লগত স্বাস্থ্য কেন্দ্ৰলৈ পৰিয়ালৰ লোকো যায়।

প্ৰতিষেধক প্ৰদান কৰাৰ পিছত তেওঁক স্বাস্থ্য বিধি অনুসৰি আধাঘণ্টা সময় পৰ্যবেক্ষণত ৰখা হয়।

উল্লেখ্য যে নেগীয়ে ১৯৫০-৫১ ৰ দেশৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল। তেতিয়াৰ পৰাই তেওঁ গণতন্ত্ৰত বিশ্বাসী তথা এজন সচেতন নাগৰিক হিচাপে লোকসভা, বিধানসভা আৰু পঞ্চায়ত নিৰ্বাচনত এবাৰো যতি নপৰাকৈ ভোটদান কৰি আহিছে।

Leave a Comment