দেশৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে শপত ল’লে দ্ৰৌপদী মুৰ্মুৱে, সংসদত গুঞ্জৰিত হ’ল ‘ভাৰত মাতা কী জয়’ ধ্বনি

দেশৰ ৰাষ্ট্ৰপতি পদৰ বিজয়ী প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুয়ে সোমবাৰে ভাৰতৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে।

ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই তেওঁক শপত গ্ৰহণ কৰোৱায়।

দ্ৰৌপদী মুৰ্মু হৈছে দেশৰ সৰ্বোচ্চ নাগৰিকৰ আসনত অধিস্থিত প্ৰথমগৰাকী আদিবাসী লোক ।

শপত গ্ৰহণৰ পূৰ্বে নতুন ৰাষ্ট্ৰপতি গৰাকীয়ে আজি ৰাতিপুৱা ৰাজঘাটত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দ্ৰৌপদী মুৰ্মুয়ে বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দকো সাক্ষাৎ কৰে।

শপত গ্ৰহণ অনুষ্ঠানৰ সময়ত, দ্ৰৌপদী মুৰ্মুৱে কেনে ধৰণৰ শাৰী পিন্ধিব তাক লৈ আছিল জল্পনা কল্পনা।

অনুমান কৰা হৈছিল যে ৬৪ বছৰীয়া মুৰ্মুৱে ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ সময়ত পৰিধান কৰিব সাওঁতালী শাৰী।

কিন্তু সকলো জল্পনা কল্পনা ওৰ পেলাই সোমবাৰে ৰাতিপুৱা দেখা গৈছিল যে দ্ৰৌপদীয়ে সাওঁতালী নহয় ত্ৰিৰংগাৰ শাৰী এখন পৰিধান কৰিহে শপত গ্ৰহণ কৰে।

দ্ৰৌপদী মুৰ্মু স্বাধীন ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি।

শপত গ্ৰহণৰ পিছত, তেওঁক ২১ টা টোপধ্বনিৰে সন্মানিত কৰা হ’ব। সোমবাৰৰ এই অনুষ্ঠানটোত উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কো উপস্থিত আছিল।