নিউজ ডেস্ক। ৰাজস্থানৰ জয়সলমেৰ জিলাত সংঘটিত হৈছে এক আশ্বৰ্যকৰ ঘটনা।
এখন দোকানৰ সন্মুখত ৰৈ কথা পাতি থকা সময়তে মাটি খহি এটা শুকান নলাত বাইকসহ বাগৰি পৰিল ৫ জনকৈ যুৱক।
ইতিমধ্যে এই ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।

মাত্ৰ ৩ ছেকেণ্ডৰ ভিতৰতে সংঘটিত এই অঘটনত অৱশ্যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পৰা ৰক্ষা পৰে আটাইকেইজন লোক।

জানিব পৰা মতে, জয়সলমেৰৰ ৰে’ল ষ্টেছন পাৰ হৈ বাবা বাৱৰীত সংঘটিত হয় এই অঘটন।
অঞ্চলটোৰ শ্ৰৱণ চৌধুৰী নামৰ এজন যুৱকৰ পাংচাৰ দোকানৰ সন্মুখত ৰৈ ৪জন যুৱকে কথা পাতি আছিল। কাষতে বাইকখন মেৰামতি কৰি আছিল শ্ৰৱ্ণ চৌধুৰীয়েও।
এটা শুকান নলাৰ ওপৰত নিৰ্মিত শিলৰ পটিৰ ওপৰত থিয় হৈ আটাইকেইজন লোকে কথা পাতি থকাৰ সময়তে শিলৰ পটি খহি নলাৰ ভিতৰত বাগৰি পৰে আটাইকেইজন লোক।
जैसलमेर में नाले में समा गए पांच लोग. बरसाती नाला सूखा था, पांचों को मामूली चोट. pic.twitter.com/bLVxfad7gq
— The Lallantop (@TheLallantop) April 13, 2022
আনহাতে লোককেইজনৰ ওপৰতে বাগৰি পৰে বাইকখনো।
লগে লগে স্থানীয় লোকে বাইকখন আঁতৰাই নলাৰ ভিতৰৰ পৰা লোক কেইজনক বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হয়।
নলাটো শুকান আৰু বেছি গভীৰ নোহোৱা বাবে কোনো গুৰুতৰ আঘাতৰ পৰা ৰক্ষা পৰে আটাইকেইজন লোক।
আনহাতে অত্যাধিক ওজনৰ বাবে নলাৰ ওপৰৰ পটি খহি এই দুৰ্ঘটনা সংঘটিত হয় বুলি সন্দেহ কৰা হৈছে।
লগতে চাওকঃ
৯৮ বছৰীয়া স্বামীৰ বিয়োগত ম্ৰিয়মান পত্নীয়েও ক্ষন্তেক পিছতে কৰিলে দেহত্যাগ…
