নিউজ ডেস্ক। শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে পাটনাৰ শ্ৰীজাৰ কাহিনী।
আনকি শ্ৰীজাৰ প্ৰেৰণাদায়ক কাহিনীটো বিজেপি সাংসদ বৰুণ গান্ধীয়েও জনপ্ৰিয় মাইক্ৰ ব্লগিং চাইট টুইটাৰ যোগে শ্বেয়াৰ কৰিছে।
শ্ৰীজাই শেহতীয়াকৈ ঘোষিত চিবিএছই বৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাত লাভ কৰিছে ৯৯.৪ শতাংশ।
পৰীক্ষাত লাভ কৰা নম্বৰতকৈও আন এটা কথাৰ বাবেহে চৰ্চা লাভ কৰিছে শ্ৰীজাই।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/07/image-30.png?resize=900%2C506&ssl=1)
আচলতে সৰুতেই মাকৰ মৃত্যুৰ পিছত, দেউতাকেও এৰি দিছিল শ্ৰীজাক, তাৰ পিছতে শ্ৰীজা তাইৰ ককাক আইতাকৰ লগত বাস কৰিছিল।
তাৰ পিছতে কষ্টৰে অধ্যয়ন কৰি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দশম শ্ৰেণীৰ পৰীক্ষাত লাভ কৰিছে ৯৯.৪% নম্বৰ।
বিজেপি সাংসদ বৰুণ গান্ধীয়ে ছোৱালীজনীৰ সফলতাত আনন্দিত হৈ শ্ৰীজা আৰু তাইৰ আইতাকৰ এটা ভিডিঅ’ টুইটাৰ যোগে শ্বেয়াৰ কৰিছিল।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/07/image-31.png?resize=640%2C352&ssl=1)
ভিডিঅ’টো যোগে , শ্ৰীজাৰ আইতাকে তাইৰ ব’ৰ্ড পৰীক্ষাৰ ফলাফলত অত্যন্ত বুলি ব্যক্ত কৰিছিল।
তেওঁৰ জোঁৱাইৰ বিষয়ে তেওঁ কৈছিল যে, “মোৰ ছোৱালীৰ মৃত্যুৰ পিছত তেওঁ ছোৱালীজনীক এৰি গৈছিল। তেতিয়াৰ পৰা আমি তেওঁক দেখা নাই। তেওঁ পুনৰ বিবাহ পাশত আৱদ্ধ হ’ল। আৰু এতিয়া, বোৰ্ডৰ ফলাফল চোৱাৰ পিছত, মই ভাবো তেওঁ তেওঁৰ সিদ্ধান্তৰ বাবে অনুশোচনা কৰিব।“
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/07/image-32.png?resize=900%2C671&ssl=1)
ভিডিঅ’টো সামাজিক মাধ্যমত ব্যাপক হাৰত ভাইৰেল হৈ আছে আৰু শ্ৰীজা আৰু তাইৰ আইতাকক তাইৰ সফলতাত অভিনন্দন জনাইছে।
त्याग और समर्पण की अद्भुत दास्ताँ!
— Varun Gandhi (@varungandhi80) July 24, 2022
माँ का साया हटने पर पिता ने जिस बेटी का साथ छोड़ दिया उसने नाना-नानी के घर परिश्रम की पराकाष्ठा कर इतिहास रच दिया।
बिटिया का 10वी में 99.4% अंक लाना बताता है कि प्रतिभा अवसरों की मोहताज नहीं है।
मैं आपके किसी भी काम आ सकूँ, मेरा सौभाग्य होगा। pic.twitter.com/ufc3Gp4At9
উল্লেখযোগ্য যে শ্ৰীজা ডি এ ভি পাব্লিক স্কুলৰ এগৰাকী ছাত্ৰী।
তাই ডাঙৰ হৈ এগৰাকী বৈদ্যুতিক অভিযন্তা হ’ব বিচাৰে। পৰীক্ষাৰ প্ৰস্তুতিৰ বিষয়ে শ্ৰীজাই কৈছিল যে, “মই পঢ়ি থাকোঁতে সময় গণনা নকৰোঁ। মই সদায় অধ্যয়ন আৰু অন্যান্য কাৰ্যকলাপৰ মাজত সুস্থ ভাৰসাম্য বজাই ৰাখোঁ। পৰীক্ষাৰ আগতে, মই বহুতো প্ৰশ্নকাকত সমাধান আৰু কৰিছো।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/07/image-33.png?resize=900%2C675&ssl=1)
শ্ৰীজাই সংস্কৃত আৰু বিজ্ঞান বিষয়ত ১০০ নম্বৰকৈ আৰু ইংৰাজী, গণিত তথা সমাজ অধ্যয়নত ৯৯ নম্বৰ লাভ কৰিছে। বৰ্তমান শ্ৰীজাই একাদশ শ্ৰেণীত বিজ্ঞান শাখাত নামভৰ্তি কৰিছে।
লগতে চাওকঃ
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/07/p5-3.jpg?resize=889%2C458&ssl=1)
1 thought on “দ্বিতীয় বিবাহ কৰি পিতৃয়ে ত্যাগ কৰিছিল কন্যাক! ৯৯.৪ শতাংশ নম্বৰ লাভ কৰি দশম শ্ৰেণীৰ পৰীক্ষাত উজলিল শ্ৰীজা…”
Comments are closed.