দ্য ফ্লাইং শিখ- মিলখা সিঙৰ দেহাৱসান

নিউজ ডেস্ক। পত্নীৰ নিৰ্মল কৌৰৰ মৃত্যুৰ এসপ্তাহ নৌহওঁতে এইবাৰ ক’ভিড-১৯ৰ ওচৰত হাৰ মানিলে বিশ্ববিখ্যাত দৌৰবিদ তথা দ্য ফ্লাইং শিখ নামেৰে জনপ্ৰিয় মিল্খা সিঙে।

ক’ভিড নিগেটিভ হৈ ক’ভিড জনিত শাৰীৰিক অসুস্থতাৰ বাবে ৯১ বছৰ বয়সত মৃত্যু হয় কিংবদন্তি দৌৰবিদ মিলখা সিঙৰ।

শনিবাৰে পুৱা ০৮:৫৩ বজাত চণ্ডীগড়ৰ PGIMER হাস্পতালত শেষ নিস্বাস ত্যাগ কৰে মিলখা সিঙে।

তেওঁৰ মৃত্যুত গভীৰ শােক প্ৰকাশ কৰিছে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কােবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীকে ধৰি বিভিন্ন জনে।

উল্লেখ্য যে যােৱা ১৯ মে’ত তেওঁ ক’ভিড-১৯ পজিটিভ হিচাপে চিনাক্ত হৈছিল। তেওঁ লগতে পত্নী নিৰ্মল কৌৰাে ক’ভিড-১৯ত আক্ৰান্ত হৈছিল।

দুয়ােজনৰে দেহত ক’ভিড-১৯ৰ জটিল লক্ষণসমূহৰ আত্মপ্ৰকাশ ঘটিছিল। দুয়ােকে চিকিৎসালয়ত ভৰ্তি কাৰােৱা হৈছিল যদিও যােৱা ১৩ জুনত পত্নীৰ মৃত্যু ঘটিছিল।

ইয়াৰ পাছতে ১৯ জুনত ক’ভিডৰ ওচৰত হাৰ মানে মিলখা সিঙে।

Leave a Comment