দৰং মহাবিদ্যালয়ৰ ছাত্ৰীৰ ‘অপহৰণ’ কাণ্ডত নতুন মােৰ…

নিউজ ডেস্ক। এক নতুন মােৰ লৈছে দৰং মহাবিদ্যালয়ৰ ছাত্ৰীৰ ৰহস্যজনক অপহৰণ কাণ্ডই।

তেজপুৰ আৰক্ষীয়ে ছাত্ৰীগৰাকীক সুকলমে উদ্ধাৰ কৰাৰ পাছতে আৰক্ষীৰ তদন্তৰ পােহৰলৈ আহিল এই ঘটনাৰ প্ৰকৃত ৰহস্য।

প্ৰকৃততে এয়া কােনাে অপহৰণ-ধনদাবীৰ ঘটনা নহয়, ছাত্ৰীগৰাকীয়ে নিজ ইচ্ছা অনুসৰিয়েই এজন বন্ধুৰ সৈতে আত্মগােপন কৰিছিল।

কিন্তু ছাত্ৰীগৰাকীৰ মাতৃয়ে এজন যুৱকে ম’বাইলত ছাত্ৰীগৰাকীক অপহৰণ কৰা বুলি জনাই ৫ লাখ টকাৰ মুক্তিপণ দাবী কৰা বুলি অভিযােগ কৰি থানাত এজাহাৰ দাখিল কৰিছিল।

1-2

আৰক্ষীয়ে ছাত্ৰীগৰাকীক উদ্ধাৰ কৰাৰ পাছতে নিজ মুখে অপহৰণৰ অভিযােগ নস্যাৎ কৰিলে ছাত্ৰীগৰাকীয়ে।

নিজ ইচ্ছা অনুসৰিয়েই এজন বন্ধুৰ সৈতে ফুৰিবলৈ যােৱা বুলি প্ৰকাশ কৰিছে ছাত্ৰীগৰাকীয়ে। লগতে নিজৰ পৰিয়ালৰ ওপৰতে এই ঘটনাক অন্য ৰূপ দিয়া বুলি অভিযােগ কৰে ছাত্ৰীগৰাকীয়ে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ছাত্ৰীগৰাকীয়ে নিজৰ প্ৰেমিকৰ সৈতে নলবাৰীলৈ গৈছিল।

2-2

উল্লেখ্য শােণিতপুৰ জিলাৰ তেজপুৰৰ শংকৰ নগৰ নিবাসী ছাত্ৰীগৰাকীক বৃহস্পতিবাৰে দুপৰীয়া কােনাে লােকে মহাবিদ্যালয়ৰ পৰা ঘূৰি অহাৰ পথত অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছিল মাতৃগৰাকীয়ে।

আনকি, অপহৰণকাৰীয়ে পৰিয়াললৈ ফােনযােগে ৫ লাখ টকা মুক্তিপণ দাবী কৰা বুলিও এজাহাৰত উল্লেখ কৰিছিল ছাত্ৰীগৰাকীৰ মাতৃয়ে, যাৰ পাছতে এই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছিল।

শুনক সাংবাদিকৰ আগত ছাত্ৰীগৰাকীয়ে কি ক’লেঃ

লগতে চাওকঃ

আৰক্ষী বিষয়া হোৱাৰ সপোন আছিল কীৰ্তিকমলৰ! কিন্তু এতিয়া সপোন সপোন হৈয়ে ৰৈ যাব…

G1

দৃষ্টিশক্তি হেৰুৱাই পেলোৱা কাজিৰঙাৰ ‘কৃষ্ণা’ৰ কৰুণ কাহিনী…

G5

Leave a Comment