দৰাৰ বয়স ৮੦, কইনাৰ ৭৫! অৱশেষত সম্পূৰ্ণ হ’ল কৈশোৰৰ প্ৰেম কাহিনী

নিউজ ডেস্ক। প্ৰেমে নামানে বয়সৰ সীমা…। পুনৰবাৰ যেন প্ৰমাণিত হ’ল এই উক্তি।

বয়সৰ তথা সমাজৰ সকলাে বাধ্যবাধকতা নেওচি বৃদ্ধাৱস্থাত পূৰ্ণতা পালে কৈশােৰৰ প্ৰেম কাহিনীয়ে।

দৰাৰ বয়স ৮੦ বছৰ, কইনাৰ বয়স ৭৫। দুয়ােৰ মাজত সম্পন্ন হ’ল বিয়া। অৱশেষত পূৰ্ণ হ’ল প্ৰেমিক যুগলৰ কৈশােৰ অৱস্থাৰ প্ৰেম কাহিনী।

নৱ দম্পতী অতহৰ খান-নাজৰিন

এই বিশেষ বিয়া সম্পন্ন হ’ল পাকিস্তানত। কৈশোৰতে প্ৰেম কৰিছিল পাকিস্তানৰ পঞ্জাব প্ৰেদশৰ কচূড় চহৰৰ অতহৰ খান আৰু নাজৰিন বিবি। কিন্তু বিভিন্ন কাৰণত পৰিয়ালৰ লোকে দুয়োৰে বিয়াত আপত্তি দৰ্শাইছিল।

সেয়েহে দুয়োৰে প্ৰেম প্ৰেম হৈয়েই থাকিল যদিও বিয়া পতাটো সম্ভৱপৰ নহ’ল। অৱশেষত এতিয়া ৮੦ বছৰত উপনীত হোৱা আনোৱাৰ খানে ৭৫ বছৰীয়া নাজৰিনক বিয়া কৰাই কৈশোৰৰ প্ৰেমক বাস্তৱায়িত কৰিলে।

তাৎপৰ্যপূৰ্ণ যে নাজৰিনৰ কিন্তু কেতিয়াবাই বিয়া হৈ গৈছিল। তেওঁৰ ৬টা সন্তানো আছে।

৯ বছৰ পূৰ্বে নাজৰিনৰ স্বামীৰ বিয়োগ ঘটে। অৱশেষত নাজৰিনক নিজৰ কৰি লয় আনোৱাৰে।

এই বিশেষ প্ৰেম কাহিনীয়ে ভেলেন্টাইন ডে’ৰ সময়ত ছ’চিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে।

লগতে চাওকঃ

পেট্ৰ’ল পাম্পৰ সন্মুখত দুহাতত বেট্ আৰু হেলমেট্ লৈ প্ৰতিবাদ যুৱকৰ!

গাখীৰ বিক্ৰীৰ বাবে এজন ‘খেতিয়কে’ ক্ৰয় কৰিলে ৩੦ কােটিৰ হেলিকপ্টাৰ!

দুষ্প্ৰাপ্য প্ৰজাতিৰ গৰু পোৱালিৰ দৃশ্যই মোহিছে সকলোকে, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

কৃতজ্ঞতা! পিতৃৰ অটোৰিক্সাত উঠি সম্বৰ্ধনা অনুষ্ঠানত অংশ ল’লে সুন্দৰী মান্যাই

Leave a Comment