দৰ্শনাৰ্থীয়ে পিঞ্জৰাবদ্ধ হৈ পৰিদৰ্শন কৰিব চিৰিয়াখানা! শিলচৰত স্থাপন হ’ব ৰাজ্যৰ দ্বিতীয়খন চিৰিয়াখানা

শিলচৰত স্থাপন হব ৰাজ্যৰ দ্বিতীয়খন চিৰিয়াখানা।

বুধবাৰে ডিমা হাচাও জিলাৰ হাফলঙত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই ঘোষণা কৰা মতে, ২০০ হেক্টৰ ভূমিক সামৰি নিৰ্মাণ হবলগীয়া চিৰিয়াখনত জীৱ-জন্তুক আৱদ্ধ কৰিবলৈ নাথাকিব কোনো দেৱাল।

জীৱ-জন্তুসমূহে নিজৰ ইচ্ছা অনুসৰি মুক্তভাৱে বিচৰণ কৰিব পাৰিব চিৰিয়াখানাৰ ভিতৰত।

FJejl2eag-AA8nbb

আনহাতে চিৰিয়াখানালৈ যাবৰ বাবে সকলোৱে বিশেষধৰণৰ জীপ নাইবা আন বাহন ল’ব লাগিব য’ত দৰ্শনাৰ্থী থাকিব পিঞ্জৰাৰ ভিতৰত।

নতুন ধৰণেৰে নিৰ্মাণ কৰিবলগা চিৰিয়াখানা খনৰ বাবে ২১৪ কোটি টকা ব্যয় নিৰ্ধাৰণ কৰা হৈছে।

অঞ্চলটোৰ চাৰিওফালে থকা উদ্ভিদবোৰ ধ্বংস নকৰাকৈ চিৰিয়াখানাখন স্থাপন কৰা হব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

চিৰিয়াখানা তথা বন্যপ্ৰাণী পুনৰ্সংস্থাপন কেন্দ্ৰত পশু চিকিৎসা স্বাস্থ্য কেন্দ্ৰ আৰু খাদ্য প্ৰক্ৰিয়াকৰণ গোটৰ দৰে সুবিধা থাকিব।

Leave a Comment