নিউজ ডেস্ক। আতৰ ব্যৱসায়ী পীযুষ জৈনৰ বাসগৃহৰ পৰা সোঁত বৈছে নগদ ধনৰ। ঘৰৰ দেৱাল, প্ৰতিটো চুক-কোণৰ পৰা উদ্ধাৰ হৈছে কেৱল টকা আৰু টকা।
মজিয়া, দেৱালত নিৰ্মান কৰা গোপন চেল্ফৰ ভিতৰত পৰা উদ্ধাৰ হোৱা কোটি কোটি টকা গণি শেষ কৰিব পৰা নাই আয়কৰ বিভাগেও।
কেন্দ্ৰীয় জিএছটি চােৰাংচােৱা আৰু আয়কৰ বিভাগৰ ৩০ জনীয়া বিষয়াৰ দলে অব্যাহত ৰাখিছে অভিযান।

আতৰ ব্যৱসায়ীজনৰ কানপুৰস্থিত বাসগৃহৰ পৰা অভিজানকাৰী দলে ১৭৭ কোটি নগদ ধন উদ্ধাৰ কৰাৰ পিছত এইবাৰ অভিযান অব্যাহত আছে তেওঁৰ কনৌজস্থিত বাসগৃহ আৰু কাৰখানাত।
পীযুষ জৈনৰ কনৌজৰ বাসগৃহত এটা গোপন কোঠাৰ পৰা অভিজানকাৰী দলে শনিবাৰে নিশা ২৫০ কিলোগ্ৰাম ৰূপ আৰু ২৫ কিলোগ্ৰাম সোণৰ মুদ্ৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জব্দকৃত ৰূপৰ মূল্য প্ৰায় ২.৫ কোটি টকা আৰু সোণৰ মূল্য ১২.৫ কোটি টকা হব বুলি অনুমান কৰা হৈছে।

তদুপৰি এই গোপন কোঠাৰ পৰা নগদ ধন ভৰ্তি ৯টা বস্তাও আয়কৰ বিভাগে উদ্ধাৰ কৰে। য’ৰ পৰা প্ৰায় ৫০ কোটি উদ্ধাৰ হৈছে। তেওঁৰ বাসগৃহটোৰ পৰা এতিয়ালৈকে মুঠ ১০৭ কোটি টকা উদ্ধাৰ হৈছে। জব্দকৃত নগদ টকা গণিবলৈ ৭টা মেচিনৰ সহায় লোৱা হৈছে।
আয়কৰ বিভাগে সদৰী কৰা তথ্য অনুসৰি আতৰ ব্যৱসায়ী পীযুষ জৈনৰ পৰা এতিয়ালৈকে সৰ্বমুঠ ২৮৪ কোটি টকা উদ্ধাৰ হৈছে। তদুপৰি ব্যৱসায়ী জনৰ লক্ষ্ণৌ, গুজৰাট আদি আন স্থানত থকা সম্পত্তিৰ নথি-পত্ৰও উদ্ধাৰ কৰিছে আয়কৰ বিভাগে।
কনৌজত ব্যৱসায়ী পীযুষ জৈনৰ বাসগৃহৰ পৰা পাহাৰসম নগদ ধন উদ্ধাৰ হোৱাৰ পিছত এইবাৰ তথ্য প্ৰযুক্তি দলে তেওঁৰ পুত্ৰ প্ৰত্যুষ জৈনৰ বাসগৃহৰ সন্ধানত নামি পৰিছে।

ইফালে দেওবাৰে নিশা কেন্দ্ৰীয় জিএছটিৰ এটা দলে গ্ৰেপ্তাৰ কৰে আতৰ ব্যৱসায়ী পীযুষ জৈনক। জানিব পৰা মতে ব্যৱসায়ী জনক সোমবাৰে কেন্দ্ৰীয় জিএছটি আদালতত হাজিৰ কৰোৱা হব, য’ত কেন্দ্ৰীয় জিএছটিয়ে জৈনক নিজৰ জিম্মাত বিচাৰিব পাৰে।
আনহাতে, কানপুৰৰ আতৰ ব্যৱসায়ী পীযুষ জৈনৰ ঘৰত চলোৱা অভিযানত বৃহৎ সংখ্যক নগদ ধন উদ্ধাৰ হোৱাৰ পিছতে কানপুৰ আৰু কনৌজৰ আন সৰু-বৰ আতৰ ব্যৱসায়ীৰ মাজত আতংকই বিৰাজ কৰিছে।
উল্লেখ্য যে উত্তৰ প্ৰদেশ নিৰ্বাচনৰ পূৰ্বে আতৰ ব্যৱসায়ী পীযুষ জৈনৰ বিৰোধী দল সমাজবাদী পাৰ্টিৰ সৈতে যোগসূত্ৰ স্থাপনৰ চেষ্টা চলিলেও ব্যৱসায়ীজনে তেওঁৰ ৰাজনৈতিক সম্পৰ্ক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে।