ধাৰাসাৰ বৰষুণৰ মাজতে অচেতন লোকক কান্ধত কঢ়িয়াই প্ৰশংসিত মহিলা আৰক্ষী

ধাৰাসাৰ বৰষুণৰ মাজতে অচেতন লোকক কান্ধত কঢ়িয়াই প্ৰশংসিত মহিলা আৰক্ষী

November 12, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ধাৰাসাৰ বৰষুণৰ মাজতে অচেতন হৈ পৰি থকা এজন লােকক কান্ধত তুলি চিকিৎসালয়লৈ কঢ়িয়াই নিলে এগৰাকী সাহসী মহিলা আৰক্ষী বিষয়াই।

এগৰাকী আৰক্ষী বিষয়াৰ এনে মহৎ কাৰ্যই সম্প্ৰতি চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত।

সকলােৱে একমুখে প্ৰশংসা কৰিছে মহিলা আৰক্ষী বিষয়াগৰাকীক।

উল্লেখ্য যে তামিলনাডুত অব্যাহত আছে ধাৰাসাৰ বৰষুণ আৰু ইয়াৰ ফলত সৃষ্ট অভাৱনীয় পৰিস্থিতি।

FD-Ab8-GVEAcw-B0-P

ধাৰাসাৰ বৰষুণৰ ফলত চেন্নাইকে ধৰি তামিলনাডুৰ বহু অংশত বান হোৱাৰ সময়তে ৰাজধানী চহৰখনৰ এখন শ্মশানত অচেতন হৈ পৰি থকা এজন লোকক চিকিৎসাৰ বাবে আৰক্ষী পৰিদৰ্শক ৰাজেশ্বৰীয়ে কান্ধত তুলি কঢ়িয়াই নিয়ে।

ইয়াৰ ভিডিঅ’ৰ লগতে ছবি বিভিন্ন মাধ্যমত ব্যাপক মাত্ৰাত প্ৰচাৰ হৈছে।

বিষয়াগৰাকীয়ে অচেতন লোকজনক কঢ়িয়াই আনি এখন অট’ৰে সমীপৰ হাস্পতাল এখনলৈ নিয়াৰ ব্যৱস্থা লয়।

উল্লেখ্য যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এম কে স্টালিনেও আৰক্ষী বিষয়াগৰাকীলৈ প্ৰশংসা পত্ৰ প্ৰেৰণ কৰিছে।