নকলৰ বাবে ৬ লাখ টকাৰ ব্লু’টুথ্ চেণ্ডেল ক্ৰয় ২৫ জনৰ, পৰীক্ষা কেন্দ্ৰত আটক

নিউজ ডেস্ক। এক আচৰিত ঘটনা। শিক্ষক যোগ্যতাৰ পৰীক্ষাত প্ৰাৰ্থীয়ে নকলৰ বাবে ব্যৱহাৰ কৰিলে অত্যাধুনিক পদ্ধতি। নকলৰ বাবে নিজৰ পৰিহিত চেণ্ডেলত প্ৰাৰ্থীয়ে ব্যৱহাৰ কৰিলে ব্লুটুথ ডিভাইচ।

এই ঘটনা দেওবাৰে সংঘটিত হয় ৰাজস্থানত।

ৰাজস্থান শিক্ষক যোগ্যতা পৰীক্ষাত সংঘটিত হয় এই আচৰিত ঘটনা।

26-09-2021-reet-exam-2021

জানিব পৰা মতে, কেইবাটাও পৰীক্ষা কেন্দ্ৰত এনে পদ্ধতি ব্যৱহাৰ কৰা প্ৰাৰ্থী সকলক ধৰা পেলোৱা হয়। যি সকলে নিজৰ চেণ্ডেলত ব্যৱহাৰ কৰে এই প্ৰযুক্তি (Device fitted slippers)।

এই কথা পোহৰলৈ অহাৰ পিছতেই ৰাজস্থান আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত। এই প্ৰযুক্তি ব্যৱহাৰ কৰা দুষ্ট চক্ৰটোৰ মূল খলনায়ক সহ মুঠ ৬ জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ডিভাইচ ব্যৱহাৰ কৰা চেণ্ডেল সহ বিভিন্ন সা-সৰঞ্জাম উদ্ধাৰ কৰে।

খবৰ অনুসৰি, সেই ডিভাইচ ব্যৱহৃত চেণ্ডেল নকল কৰাৰ বাবে ৬ লাখ টকাত বিক্ৰী কৰিছিল চক্ৰটোৱে। ডিভাইচৰ সৈতে সংলগ্ন চেণ্ডেলসমূহ ২৫ জন লোকক বিক্ৰী কৰা হৈছিল। আৰক্ষীয়ে এই চেণ্ডেলসহ কেইবাটাও মোবাইল আৰু চিম উদ্ধাৰ কৰে।

আনহাতে, চিকাৰ নামৰ ঠাইত কাণৰ অস্ত্ৰোপচাৰৰ অজুহাত দেখুৱাই এজন প্ৰাৰ্থীয়ে কাণত ব্লুটুথ ডিভাইছ লুকুৱাই পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিছিল। প্ৰাৰ্থীজন বিকানেৰৰ বাসিন্দা। তেওঁ নীমাকা থানাৰ অন্তৰ্গত গংগা বল নিকেতন বিদ্যালয় পৰীক্ষা কেন্দ্ৰত ধৰা পৰে।

photo-2021-09-26-16-23-35

সূত্ৰ অনুসৰি, অতিৰিক্ত আৰক্ষী অধীক্ষক শৈলেন্দ্ৰ ইন্দোৰিয়াৰ নেতৃত্বত আৰক্ষী বিষয়াৰ এটা দলে সমগ্ৰ ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। বিকানেৰত গংগাচহৰ আৰক্ষী থানাৰ এটা দলে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে আৰু এই ডিভাইচ সংলগ্ন চেণ্ডেল নিৰ্মাণ কৰা দুষ্ট চক্ৰৰ দলটোক আটক কৰে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দলটোৰ নেতা তুলচিৰাম কালেৰক বৰ্তমানেও জেৰা কৰি আছে। ধৰা পৰা আন পাঁচজন লোকৰ ভিতৰত এজন এখন চৰকাৰী বিদ্যালয়ৰ পৰীক্ষাগাৰ সহায়ক। এটা কেন্দ্ৰত তিনিজন প্ৰাৰ্থী ধৰা পৰে। সেই তিনি পৰীক্ষাৰ্থীৰ ভিতৰত এগৰাকী মহিলা প্ৰাৰ্থী আছে।

গংগাচহৰ থানাৰ আৰক্ষী বিষয়া ৰাণীদান উজ্জলয়ে কয় যে, “তুলচিৰামে নকল কৰাৰ দায়িত্ব লৈছিল। তেওঁ প্ৰাৰ্থীসকলক ব্লুটুথ ডিভাইচৰ সৈতে সংলগ্ন বিশেষ চেণ্ডেল উপলব্ধ কৰাইছিল। প্ৰাৰ্থীৰ কাণত মাইক্ৰ’ফোনৰ সৈতে ব্লুটুথৰ এটা চিপ সংলগ্ন আছিল। ব্লুটুথ ডিভাইচটোত এটা চিপ সংলগ্ন আছিল, যিটো ম’বাইলৰ চিমৰ সৈতে সংযোজিত আছিল। তুলচিৰামে পৰীক্ষা কেন্দ্ৰলৈ যোৱাৰ আগতে ব্লুটুথক তেওঁৰ মোবাইল ফোনৰ সৈতে সংযোগ কৰিছিল। পিছত তেওঁ প্ৰশ্নকাকতৰ পৰা প্ৰশ্নবোৰ সমাধান কৰিব আৰু প্ৰাৰ্থীসকলক মোবাইলৰ জৰিয়তে ক’ব।”

Leave a Comment