নকৰোঁ নকৰোঁ বুলিও দলত্যাগ কৰিলে ৰিপুণ বৰাই, কংগ্ৰেছ এৰি হ’লগৈ তৃণমূুল কংগ্ৰেছৰ নেতা

নকৰোঁ নকৰোঁ বুলিও দলত্যাগ কৰিলে ৰিপুণ বৰাই, কংগ্ৰেছ এৰি হ’লগৈ তৃণমূুল কংগ্ৰেছৰ নেতা

April 17, 2022 0 By NEWS DESK

নিউজ ডেস্ক। নকৰো নকৰো বুলি অৱশেষত কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগ দিলে প্ৰদেশ কংগ্ৰছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ ৰিপুণ বৰাই।

দেওবাৰে তেওঁ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষা ছোনীয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি দলৰ পৰা পদত্যাগ কৰাৰ পিছতে তৃণমূলৰ সাংসদ অভিষেক বেনাৰ্জীৰ উপস্থিতিত মমতা বাহিনীত যোগদান কৰে।

মূলতঃ ৰাজ্যসভা নিৰ্বাচনত অসমৰ একাংশ জ্যেষ্ঠ কংগ্ৰেছ নেতাই গোপনে বিজেপি, বিশেষকৈ মুখ্যমন্ত্ৰীৰ সৈতে বুজাবুজি কৰাৰ অভিযোগ কৰি পদত্যাগ কৰে ৰিপুণ পৰাই।

ছাত্ৰাৱস্থাৰ পৰাই কংগ্ৰেছৰ সৈতে জড়িত হৈ থাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দৰে গুৰু দায়িত্ব পালন কৰা ৰিপুণ বৰাই তেওঁৰ পদত্যাগ পত্ৰত উল্লেখ কৰে যে কংগ্ৰেছৰ ভিতৰচ’ৰাত বৃদ্ধি পোৱা সংঘাতে বিজেপিক সুযোগ প্ৰদান কৰি আহিছে।

আৰু এনে পৰিস্থিতিত কংগ্ৰেছে দলৰ পুৰণি সংস্কৃতি পাহৰি পেলাইছে। যাৰ বাবে তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হৈছে।

উল্লেখ্য যে, কিছুুদিন পূৰ্বে ৰিপুণ বৰাই আম আদমী পাৰ্টীত যোগদান কৰাৰ যো-জা চলাইছিল বুলি দাবী কৰিছিল অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদে।

কিন্তু সেই সময়ত ৰিপুণ বৰাই নিজকে কংগ্ৰেছৰ নিষ্ঠাবান কৰ্মী বুলি দাবী কৰি কেতিয়াও কংগ্ৰেছ ত্যাগ নকৰাৰ প্ৰতিশ্ৰুতি দিছিল।

কিন্তু নিজেই দিয়া প্ৰতিশ্ৰুতি ভংগ কৰি এতিয়া নেতাজনে তৃণমূল কংগ্ৰেছত যোগদান কৰাত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

নকৰো নকৰো বুলিও দলত্যাগ কৰা ৰিপুণ বৰাই তৃণমূল কংগ্ৰেছৰ পৰা ৰাজ্যসভালৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি, তাক লৈও চলিছে চৰ্চা।