নতুন কৌশল! বাইকত লিফ্ট দিয়াৰ চলেৰে অকলশৰীয়া মহিলাক লুটপাট, অৱশেষত আৰক্ষীৰ জালত প্ৰৱঞ্চক সত্যজিৎ…

নিউজ ডেস্কঃ অকলশৰীয়া যুৱতী-মহিলাক বাইকট লিফ্ট দিয়াৰ চলেৰে নগদ ধন, আ-অলংকাৰ, মোবাইল ফোন লুটি নি ৰঙিয়াত সন্ত্ৰাসৰ সৃষ্টি কৰি অহা প্ৰৱঞ্চক সত্যজিৎ ডেকাক অৱশেষত আটক কৰিছে ৰঙিয়া আৰক্ষীয়ে।

নলবাৰী জিলাৰ নিৱাসী প্ৰৱঞ্চকজনে ৰঙিয়া অঞ্চলত মহিলা-যুৱতীক বাইকত লিফ্ট দিয়াৰ চলেৰে নিৰ্জন ঠাইলৈ নি নগদ ধন, মোবাইল ফোন লুট কৰি অহাৰ অভিযোগ উত্থাপন হৈছিল।

শেহতীয়াকৈ প্ৰৱঞ্চকজনৰ বিৰুদ্ধে এগৰাকী ভুক্তভূগী মহিলাই ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই কৰায়ত্ত কৰিবলৈ সক্ষম হয় প্ৰৱঞ্চক সত্যজিৎ ডেকাক।

আৰক্ষীয়ে প্ৰৱঞ্চকজনৰ পৰা মহিলাৰ পৰা চুৰি কৰা এটা বেগ আৰু মোবাইল ফোন জব্দ কৰাৰ লগতে চুৰিকাৰ্যত ব্যৱহাৰ কৰা এএছ ১৪কে ০৭৫২ নম্বৰৰ বাইক এখনো আৰক্ষীয়ে জব্দ কৰে।