নিউজ ডেস্ক। অৱশেষত সম্পন্ন হ’ল নিজৰ বিয়াক লৈ চৰ্চাত থকা ক্ষমা বিন্দুৰ বহু চৰ্চিত বিবাহখন।
ক্ষমা বিন্দুৱে অহা ১১ জুনত বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা আছিল যদিও পৰিয়ালৰ বিবাদ জনিত কাৰণত তাৰ পূৰ্বেই বিবাহখন সম্পন্ন কৰে।
উল্লেখ্য যে, ক্ষমা বিন্দুৰ বিবাহখন বিবাহখন ব্যতিক্ৰম এইকাৰণেই যে, তেওঁৰ বিয়াত নাছিল কোনো দৰা। নাছিল কোনো পুৰোহিত।
চাউণ্ড চিষ্টেমত পুৰোহিতৰ মন্ত্ৰধ্বনিৰ কেছেট লগাই নিজৰ সৈতেই বিবাহখন সম্পন্ন কৰে ক্ষমা বিন্দুৱে।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/06/3.jpg?resize=900%2C1007&ssl=1)
বিয়াৰ পূৰ্বে হালধি, মেহেন্দিৰ সকলো পৰাম্পৰাগত ৰীতি-নীতি সম্পন্ন কৰা হয়। তাৰ পিছত নিজেই নিজৰ সেন্দুৰ দি বিবাহ সম্পন্ন কৰে ক্ষমা বিন্দুৱে।
ইফালে বিয়াৰ পিছতে ক্ষমা বিন্দুৱে এটা ভিডিঅ’ যোগে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।
#क्षमा बिंदू या मुलीने स्वतःशीच विवाह करून आज एक नवा इतिहास घडवला. परिवर्तनाच्या या नव्या प्रवासाला क्षमाला खूप खूप शुभेच्छा💐💐#KshamaBindu gets married to self!#Sologamy #sologamymarriage pic.twitter.com/zUwNFEGb47
— Dnyaneshwar Mathe (@dnyanu1998) June 9, 2022
তেওঁক সমৰ্থন কৰাৰ বাবে সকলোক কৃতজ্ঞতা জনাই ক্ষমা বিন্দুৱে কয়, ‘মোক মেছেজ কৰি অভিনন্দন জনোৱা সকলোকে ধন্যবাদ জনাইছো। লগতে মই যিটোত বিশ্বাস কৰোঁ তাৰ বাবে যুঁজিবলৈ শক্তি সকলোৱে দিলে।’
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/06/FU2-NvSUEAIGjXf.jpg?resize=752%2C1024&ssl=1)
উল্লেখ্য যে, ক্ষমাই নিজেই নিজক বিয়া কৰোৱাৰ বাবে গ্ৰহণ কৰাৰ সিদ্ধান্তক লৈ একাংশ লোক সৰৱ হৈ পৰিছিল।
বিজেপিৰ এগৰাকী নেত্ৰী তেওঁৰ ঘৰলৈ গৈ এয়া হিন্দু ধৰ্মৰ বিৰোধী বুলি মন্তব্য কৰাৰ লগতে কংগ্ৰেছেও এয়া এক কেৱল বলিয়ালী বুলিহে অভিহিত কৰিছিল।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/06/FU2uTNJaQAAaxi-.jpg?resize=900%2C506&ssl=1)
কিন্তু তাৰ পিছতো সমাজৰ বহু লোক ২৪ বছৰীয়া ক্ষমা বিন্দুক সমৰ্থন জনাই তেওঁৰ সৈতে থিয় হৈছিল।
ক্ষমাই কয়, ‘মোৰ মনত এই ধাৰণাটো বহুদিনৰ পৰা আছিল, কিন্তু কেতিয়াও ভবা নাছিলো যে এনেকুৱা হ’ব। তাৰ পিছত ‘Sologamy’ৰ বিষয়ে পঢ়িলোঁ আৰু তাৰ পিছত সিদ্ধান্ত ল’লোঁ যে এতিয়া নিজৰ লগতে বিয়া হওঁ।’