নাও দুৰ্ঘটনাত সন্ধানহীন ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক। বৃহস্পতিবাৰে ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত নাও দুৰ্ঘটনাত সন্ধানহীন হােৱা ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ।

ঘটনাস্থলীৰ পৰা প্ৰায় ১কি.মি আঁতৰত উদ্ধাৰ বিষয়াগৰাকীৰ মৃতদেহ।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ধুবুৰীৰ আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল।

মৃতদেহ উদ্ধাৰ কৰি মৰণােত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে নিৰ্মীয়মাণ ধুবুৰী-ফুলবাৰী দলঙৰ খুঁটাত খুন্দা মাৰি লুইতৰ বুকুত ডুব গৈছিল এখন যন্ত্ৰচালিত নাও।

২৯ ছেপ্টেম্বৰ তাৰিখে পুৱা প্ৰায় ১০.৩০ মান বজাত সংঘটিত হৈছিল এই ভয়ংকৰ দুৰ্ঘটনাটো।

দুৰ্ঘটনাৰ পিছতে সন্ধানহীন হৈ আছিল নাওখনত থকা ধুবুৰী ৰাজহ চক্ৰ বিষয়া সঞ্জু দাস।

নাওখনত আছিল মুঠ ২৯জন যাত্ৰী। ইয়াৰে ২৮ জনক ইতিমধ্যে উদ্ধাৰ কৰা হয় যদিও সন্ধানহীন হৈ পৰে চক্ৰ বিষয়া সঞ্জু দাস।

এই ঘটনাৰ পিছতে এছডিআৰএফ, এনডিআৰএফৰ লগতে উদ্ধাৰ অভিযানত নামি পৰে আৰক্ষী, বিএছএফ।