নাৰী শক্তি! কৃষকৰ পৰিয়ালৰ ৫ গৰাকী কন্যাই হ’ল প্ৰশাসনিক বিষয়া

নিউজ ডেস্ক। বহুতৰে সপোন থাকে এজন প্ৰশাসনিক বিষয়া হোৱাৰ। পৰিয়াল বা আত্মীয়ইয়ো বিচাৰে নিজৰ পৰিয়ালত এজন প্ৰশাসনিক বিষয়া। কিন্তু যেতিয়া একেঘৰৰে ৫ সদস্যই প্ৰশাসনিক বিষয়া হয়। তেতিয়া কেনে হ’ব পাৰে বাৰু পৰিৱেশটো। আৰু যদিয়ে ৫ গৰাকীয়েই মহিলা হয়।

আপোনাৰ নিশ্চয় ভাবিয়েই ভাল লাগিছে নহয়ন? কিন্তু এইবাৰ তেনে এক কথাই বাস্তব হ’ল। এঘৰ লোকৰ ৫ কন্যাৰ ৫ গৰাকীয়েই হ’ল প্ৰশাসনিক বিষয়া।

৫ কন্যাৰ দুগৰাকী পূৰ্বতেই হৈছিল প্ৰশাসনিক বিষয়া। আৰু বাকী তিনিগৰাকী একেদিনাই হয় প্ৰশাসনিক বিষয়া।

এই কথা ৰাজস্থানৰ। সদ্যঘোষিত ৰাজস্থান লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত ৰাজস্থান প্ৰশাসনিক সেৱাৰ পৰীক্ষাত তিনি গৰাকী ভগ্নীয়েই উত্তীৰ্ণ হয়। এই খবৰ এতিয়া বিয়পি পৰিছে সৰ্বত্ৰে। তেওঁলোকৰ ঘৰ ৰাজস্থানৰ হনুমানগড়ৰ।

জানিব পৰা মতে তিনি ভগ্নীৰ নাম ক্ৰমে অংশু, ঋতু আৰু সুমন। তেওঁলোকে সদ্য ঘোষিত প্ৰশাসনিক পৰীক্ষাত সফলতা লাভ কৰে। আনহাতে তেওঁলোকৰ ঘৰৰ বাকী দুগৰাকী ভগ্নীৰ নাম হল ৰূমা আৰু মঞ্জু। যি দুগৰাকী ইতিমধ্যে একো একোগৰাকী বিষয়া।

তেওঁলোকৰ পিতৃ সহদেৱ সহৰন এজন খেতিয়ক। পিতৃ অষ্টম শ্ৰেণীলৈকে অধ্যয়ন কৰাৰ বিপৰীতে মাতৃ অশিক্ষিত। আৰু বৰ্তমান খেতিয়ক পিতৃ-মাতৃৰ আটাইকেইগৰাকী জীয়ৰীয়েই ৰাজস্থানৰ প্ৰশাসনিক বিষয়া।

অংশুৱে অন্যান্য পিছপৰা জাতি (OBC) ৰ কোটাত ৩১ সংখ্যক স্থান লাভ কৰে। তাৰ বিপৰীতে ঋতুৱে ৯৬ আৰু সুমনে ৯৮ সংখ্যক স্থান লাভ কৰে। তিনিওৰে ভিতৰত ঋতুৱেই ডাঙৰ। আনহাতে ৰূমাই ২০১০ চনত ৰাজস্থান প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তেওঁ আছিল পৰিয়ালৰ প্ৰথম গৰাকী ৰাজস্থান প্ৰশাসনিক সেৱাৰ বিষয়া।

তেওঁ বৰ্তমান ঝুনঝুনো জিলাৰ সুজানগড়ত খণ্ড উন্নয়ন বিষয়া হিচাপে কৰ্মৰত। আৰু মঞ্জুৱে ২০১৭ চনত ৰাজস্থান প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হয়। মঞ্জু বৰ্তমান হনুমানগড়ৰ নোহাৰৰ সমবায় বিভাগত কৰ্মৰত এগৰাকী বিষয়া।

উল্লেখ্য যে ৰাজস্থান লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত হোৱা ৰাজস্থান প্ৰশাসনিক সেৱা-২০১৮ ৰ পৰীক্ষাৰ ফলাফল মংগলবাৰে ঘোষণা কৰা হৈছিল। আৰু সেই ফলাফলতে বহুতো মেধাসম্পন্ন যুৱক-যুৱতী উত্তীৰ্ণ হয়। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে উত্তীৰ্ণ সকলক শুভেচ্ছা জ্ঞাপন কৰে।

Leave a Comment