নিজকে CBI বিষয়া বুলি ধন দাবী কৰি অহা ৰেষ্টুৰেণ্টৰ মালিকসহ দুজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

নিজকে CBI বিষয়া বুলি ধন দাবী কৰি অহা ৰেষ্টুৰেণ্টৰ মালিকসহ দুজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

August 19, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ নিজকে চিবিআই বিষয়া বুলি পৰিচয় দি ধন সংগ্ৰহ কৰি অহা দুই প্ৰৱঞ্চক অৱশেষত জালত পৰিল অসম আৰক্ষীৰ।

কৰিমগঞ্জ আৰক্ষীয়ে অভিযান চলাই বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুয়োজন ভুৱা চিবিআই বিষয়াক।

ধৃত প্ৰৱঞ্চক দুজনক ৰাতাবাৰীৰ ছাগিখাউৰীৰ দিলোৱাৰ হুছেইন আৰু পাথাৰকান্দিৰ চেৰাগীৰ ৰছিদ আহমেদ বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে সদৰী কৰা মতে, এই দুই প্ৰৱঞ্চকে নিজকে চিবিআইৰ বিষয়া বুলি পৰিচয় দি দীৰ্ঘদিন ধৰি কৰিমগঞ্জৰ বিভিন্ন স্থানত ধন দাবী কৰি আহিছিল।

জানিব পৰা মতে, চেৰাগীত এখন ৰেষ্টুৰেণ্ট আছে ধৃত প্ৰৱঞ্চক ৰছিদ আহমেদৰ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি দুয়োজন অভিযুক্তক বৰ্তমান কৰিমগঞ্জ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে।