নিজৰ জীৱনকো তুচ্ছ কৰি ডিফলু নৈত উটি যোৱা ৫ কিশোৰীক উদ্ধাৰ কৰিলে পিণ্টুৱে, এতিয়াও সন্ধানহীন এগৰাকী মহিলা…

নিজৰ জীৱনকো তুচ্ছ কৰি ডিফলু নৈত উটি যোৱা ৫ কিশোৰীক উদ্ধাৰ কৰিলে পিণ্টুৱে, এতিয়াও সন্ধানহীন এগৰাকী মহিলা…

September 8, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ চাহ বাগানত পাত তুলি উভতি অহাৰ সময়তে ডিফলু নৈতত ডুব গ’ল ৬ গৰাকীকৈ মহিলা-কিশোৰী। মহিলা-কিশোৰী কেইগৰাকী নৈত উটি যোৱা প্ৰত্যক্ষ কৰি নিজৰ জীৱনকো তুচ্ছ কৰি নৈত জঁপিয়াই পৰে স্থানীয় এজন সাহসী যুৱক।

যুৱকজনে ডিফলুৰ বুকুৰ পৰা ৫ গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও বৰ্তমানো সন্ধানহীন হৈ আছে এগৰাকী মহিলা।

এই শোকাবহ ঘটনা সংঘটিত হৈছে বোকাখাতৰ সমীপৰ ডিফলু চাহ বাগিচাৰ ডিফলু নৈত।

জানিব পৰা মতে, বাগানখনত কাম কৰা এগৰাকী মহিলা আৰু ৫ গৰাকী কিশোৰীয়ে পাত তুলি নদী পাৰ হৈ উভতি অহাৰ সময়ত নৈৰ কোবাল সোঁতত উটি যায়।

ইফালে সেই সময়ত নৈৰ পাৰতে থকা পিণ্টু তাঁতী নামৰ যুৱকজনে এই ঘটনা প্ৰত্যক্ষ কৰি লগে লগে নদীৰ বুকুত জঁপিয়াই পৰে। পিণ্টুৱে ডিফলুৰ পৰা কিশোৰী ৫ গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও এতিয়াও সন্ধানহীন হৈ আছে ভাৰতী ভূমিজ নামৰ মহিলাগৰাকী।

অন্যহাতে এই ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষী আৰু এনডিআৰএফ বাহিনী উপস্থিত হৈ সন্ধানহীন মহিলাগৰাকীৰ সন্ধানত অভিযান কৰে যদিও এতিয়ালৈকে সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই ডিফলুৰ বুকুত ডুব যোৱা ভাৰতী ভূমিজৰ।

নিজৰ জীৱনকো তুচ্ছ কৰি পিণ্টু তাঁতী নামৰ যুৱকজনে ৫ গৰকীকৈ কিশোৰীৰ জীৱন বচাবলৈ সক্ষম হোৱাত যুৱকজনক প্ৰশংসা কৰিছে অঞ্চলবাসীয়ে। কিন্তু সমান্তৰালভাৱে ভাৰতী ভূমিজ নামৰ মহিলাগৰাকীৰ সন্ধানহীনতাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে্।