নিজৰ মূৰত গুলীয়ালে আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভূপেন দিহিংগীয়াই, মৃত্যু

নিজৰ মূৰত গুলীয়ালে আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভূপেন দিহিংগীয়াই, মৃত্যু

June 19, 2022 Off By NEWS DESK

নিউজ ডেস্ক। পুনৰ আত্মঘাতী হ’ল এগৰাকী অসম আৰক্ষীৰ উপ-পৰিদৰ্শক।

কিছুদিন পূৰ্বে শিলচৰত এগৰাকী উপ-পৰিদৰ্শকে থানা চৌহদতে নিজৰ মূৰ গুলীয়াই মৃত্যুবৰণ কৰাৰ ঘটনাৰ পিছত এইবাৰ যােৰহাট জিলাৰ চেলেংহাটত সংঘটিত হ’ল অনুৰূপ ঘটনা।

নিজৰ চাৰ্ভিচ পিষ্টলেৰে মূৰত গুলীয়াই আত্মঘাতী হ’ল আৰক্ষী চকীত নতুনকৈ যােগদান কৰা ভাৰপ্ৰাপ্ত বিষয়া ভূপেন দিহিংগীয়া।

দেওবাৰে দিনতে নিজৰ কােৱাৰ্টাৰত কােঠালিত এনেদৰে মূৰত গুলীয়াই মৃত্যুবৰণ কৰে বিষয়াগৰাকীয়ে।

নিজ কোঠাত সোমাই দুৱাৰ- খীৰিকি বন্ধ কৰাৰ পিছত আত্মহত্যা কৰে বিষয়াজনে।

বহু সময় ফোন ৰিচিভ নকৰাত আৰক্ষী চকীৰ একাংশ আৰক্ষীয়ে দুৱাৰ ভাঙি উদ্ধাৰ কৰে তেওঁৰ মৃতদেহটো।

জানিব পৰা মতে, এগৰাকী কন্যা সন্তানৰ পিতৃ ভূপেন দিহিংগীয়া উত্তৰ লখিমপুৰ জিলাত বাসিন্দা।

মাত্ৰ ৩ দিন পূৰ্বে তেওঁ নতুনকৈ চেলেংহাট আৰক্ষী চকীত যােগদান কৰিছিল।

কিন্তু দেওবাৰে দিনতে নিজৰ কােৱাৰ্টাৰত তেওঁৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ কৰা হয়।

এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বৃহত্তৰ চেলেংহাট অঞ্চলত।

এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় যোৰহাটৰ জিলা আৰক্ষীৰ অধীক্ষক।

সাংবাদিকৰ আগত মন্তব্য কৰি তেওঁ কয় যে বিভাগীয় নিয়ম অনুসৰি সকলাে ব্যৱস্থা হাতত লােৱা হৈছে।

তেওঁৰ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে JMCH লৈ প্ৰেৰণ কৰা হৈছে।