নিজ হাতেৰে সাজি উলিয়াইছিল হেলিকপ্টাৰ, পৰীক্ষণৰ সময়ত ঘটিল ভয়ানক ঘটনা

নিউজ ডেস্ক। তেওঁ নিজ হাতেৰেই নিৰ্মাণ কৰিছিল এখন হেলিকপ্টাৰ। কিন্তু সেইয়া কৰিবলৈ গৈ এক দুৰ্ঘটনাত মৃত্যু হ’ল এজন ২৪ বছৰীয়া যুৱকৰ।

এই ঘটনা মংগলবাৰৰ মহাৰাষ্ট্ৰৰ য়াবাতমাল জিলাৰ ফুলভাংচি গাঁৱৰ। আৰক্ষীয়ে জনোৱা অনুসৰি, তেওঁৰ হেলিকপ্টাৰখনৰ এক যান্ত্ৰিক বিজুতি হৈছিল।

সেইয়া ঠিক কৰিবলৈ তেওঁ উঠিছিল হেলিকপ্টাৰত। কিন্তু তেনে সময়তে হেলিকপ্টাৰৰ ব্লেড ঘূৰি তেওঁৰ মূৰত কৰেহি আঘাত। আৰু লগে লগেই মৃত্যু হয় যুৱক জনৰ।

এই ঘটনাৰ দৃশ্য প্ৰকাশ পাইছে সামাজিক মাধ্যমত। য’ত দেখা গৈছে সেই সাংঘাটিক দুৰ্ঘটনাটো।

জানিব পৰা মতে শেখ ইব্রাহিম নামৰ যুৱকজনে যোৱা দুবছৰে এই হেলিকপ্টাৰখন নিৰ্মাণৰ কাম অব্যাহত ৰাখিছিল।

ৱৰ্কশ্বপত মেৰামতি বাবে যাওঁতেই সেই ঘটনা সংঘটিত হয়। কিন্তু শেষত তেওঁৰ নিজৰ নিৰ্মিত হেলিকপ্টাৰেই তেওঁৰ প্ৰাণ কাঢ়ি নিলে।

ঘটনাৰ পিছত তেওঁক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

Leave a Comment