নিযুক্তি পৰীক্ষাত প্ৰশ্নকাকত ফাদিল ৰোধৰ চেষ্টা চৰকাৰৰ! কাইলৈ ২৫ জিলাত নাথাকিব ইণ্টাৰনেট সেৱা

নিউজ ডেস্কঃ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিবলগীয়া তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত কাইলৈ অৰ্থাৎ দেওবাৰে পুনৰ ২৫ জিলাত কৰ্তন কৰা হ’ব ইন্টাৰনেট সেৱা। প্ৰশ্নকাকত ফাদিল ৰোধৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।

উল্লেখ্য যে, যোৱা ২১ আগষ্টত অনুষ্ঠিত হোৱা চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ সময়তো ৰাজ্য চৰকাৰে ইণ্টাৰনেট সেৱা কৰ্তন কৰিছিল।

চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজু প্ৰসাদ শৰ্মা নামৰ এগৰাকী সমাজকৰ্মীয়ে উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল শুকুৰবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰি চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে স্থগিতাদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

প্ৰশ্নকাকত ফাদিল ৰোধৰ নামত নিজৰ ব্যৰ্থতা ঢাকিবলৈ গৈ চৰকাৰে এনেদৰে ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ পৰিপ্ৰেক্ষিতত ২১ আগষ্টত স্তব্ধ হৈ পৰিছিল ডিজিটেল জীৱন।

ইন্টাৰনেটৰ মাধ্যমেৰে জীৱন নিৰ্বাহ কৰা ওলা-উবেৰ চালক, অনলাইন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে তীব্ৰ আৰ্থিক লোকচানৰো সন্মুখীন হ’বলগীয়া হৈছিল।

২৮ আগষ্টতো ইণ্টাৰনেট সেৱা কৰ্তনৰ ফলত একেদৰেই ডিজিটেল জীৱন স্তব্ধ হৈ পৰাৰ লগতে অনলাইন ব্যৱসায়ত প্ৰভাৱ পৰাটো স্পষ্ট হৈ পৰিছে।