নিশা ব্যস্ত ৰাজপথত উদ্ভণ্ডালি সুৰামত্ত যুৱতীৰ, ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। এগৰাকী সুৰামত্ত যুৱতী। ব্যস্ত ৰাজপথৰ সোঁ মাজত পৰি তেওঁ কৰিছে উদ্ভণ্ডালি।

পথেৰে পাৰ হৈ যোৱা যান-বাহনৰ সন্মুখত পৰি দিছে তেওঁ।

সাজে-পোছাকে তেওঁ এগৰাকী সম্ভ্ৰান্ত যুৱতী। কিন্তু নিশাৰ ৰাজপথত তেওঁ কৰিছে তেনে উদ্ভণ্ডালি।

তেওঁৰ সেই দৃশ্য চাই ৰৈছে পথৰ কাষৰ অনেকজনে। আৰু বহুতে নিজৰ মোবাইল কেমেৰাত বন্দী কৰে সেই দৃশ্য।

পৰৱৰ্তী সময়ত সেই দৃশ্য বিয়পি পৰে সামাজিক মাধ্যমত।

জানিব পৰা মতে এই দৃশ্য পুনেৰ তিলক ৰােডৰ।

মংগলবাৰে নিশা ব্যস্ত ৰাজপথটোত দেখা পোৱা যায় সেই দৃশ্য। য’ত সুৰামত্ত যুৱতী গৰাকীয়ে তিলক ৰ’ডত পথত শুই যান-বাহন অৱৰোধ কৰি সৃষ্টি কৰে হুলস্থূলীয়া পৰিৱেশৰ।

এই সন্দৰ্ভত স্বৰ্গেট আৰক্ষী থানাৰ দায়িত্বত থকা জ্যেষ্ঠ পৰিদৰ্শক বালাচাহেব কোপনাৰে কয়, “আমি লাভ কৰা তথ্য অনুসৰি মহিলাগৰাকী খাদক অঞ্চলৰ পৰা হীৰাবাগলৈ আহিছিল। ভিডিঅ’টোত দেখা গৈছে যে তেওঁ পথত কেইমিনিটমানৰ বাবে শুই আছে। সেই বিষয়ে আমি ফোনকল পোৱাৰ পিছত আমাৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। কিন্তু তেতিয়ালৈ তেওঁ পলাই যাবলৈ সক্ষম হয়।”

কোপনাৰে লগতে কয়- “আমি মহিলাগৰাকীক বিচাৰি আছো। ভিডিঅ’টোত দেখা গৈছে যে মহিলাগৰাকী কিবা এটাৰ দ্বাৰা প্ৰভাৱত আছিল। সম্ভৱতঃ তেওঁ সুৰামত্ত আছিল। কিন্তু আমি নিশ্চিত হ’ব নোৱাৰো যে তেওঁ সুৰামত্ত আছিল। কিয়নো কোনো চিকিৎসা পৰীক্ষা কৰা হোৱা নাই। তেওঁৰ আচৰণ নি:সন্দেহে বেপৰোৱা আছিল।”

পুনে মহানগৰ আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই কয়, “আমি তেওঁক বিচাৰি উলিওৱাৰ পিছত তেওঁ কি কাৰণত তেনে কৰিলে এই সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিম আৰু তেওঁৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা ল’বলৈ চেষ্টা কৰিম।”

তেওঁ কয় যে, “আমাক বহুতে এইটোও কৈছে যে মহিলাগৰাকী পথত পৰি থকাৰ সময়ত মানুহে হাততালি দি আছিল। আজিকালি কেমেৰাৰ পৰা একোৱেই লুকুৱাব নোৱাৰে। সকলোবোৰ সামাজিক মাধ্যমৰ প্লেটফৰ্মত ভাইৰেল হৈ পৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি কেৱল এটা ভিডিঅ’ৰ আধাৰত কাম কৰিব পাৰো। আমি নিয়ম অনুসৰি বিষয়টো তদন্ত কৰিম আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিম।”

Leave a Comment