নিষ্ঠুৰ নিয়তিৰ পৰিহাস! গাড়ী মেৰামতিৰ পিছত টেষ্ট ড্ৰাইভলৈ গৈ অকাল মৃত্যু ৫ যুৱকৰ…

নিষ্ঠুৰ নিয়তিৰ পৰিহাস! গাড়ী মেৰামতিৰ পিছত টেষ্ট ড্ৰাইভলৈ গৈ অকাল মৃত্যু ৫ যুৱকৰ…

February 24, 2023 Off By NEWS DESK

নিউজ ডেস্কঃ মুহূৰ্তৰ ভিতৰতে সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাই নিমিষতে নিঃশেষ কৰি পেলালে ৫ সুঠাম যুৱকৰ সপোন।

নিষ্ঠুৰ নিয়তিয়ে অকালতে প্ৰাণ কাঢ়ি লৈ গ’ল যুৱক কেইজনৰ।

গাড়ী মেৰামতিৰ পিছত নিশা টেষ্ট ড্ৰাইভলৈ গৈ উভতি অহাৰ পথতে সংঘটিত হ’ল সকৰুণ দুৰ্ঘটনা।

এই দুৰ্ঘটনাৰ স্থান শোণিতপুৰ জিলাৰ বালিপৰাৰ মিট চাপ্লাই।

জানিব পৰা মতে, গটংগাৰ নিৱাসী দ্বীপেন বৰাৰ AS 12R 2115 নম্বৰৰ ছুইফ্ট ডিজিয়াৰখন মেৰামতি কৰিবলৈ দিছিল মেকানিকক।

গাড়ীখন মেৰামতি কৰাৰ পিছত বৃহস্পতিবাৰে নিশা মেকানিক আৰু ৩ সতীৰ্থৰ সৈতে দ্বীপেনে বালিপাৰাৰ ফালে টেষ্ট ড্ৰাইভলৈ গৈছিল।

তাৰ পৰা উভতি অহাৰ পথতে নিশা প্ৰায় ১ বজাত বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে পথৰ দাঁতিৰ দ খাৱৈত।

এই ভয়ংকৰ দুৰ্ঘটনাত বাহনখনত থকা পাঁচোজন যুৱকৰ কৰুণ মৃত্যু ঘটে।

দুৰ্ঘটনাত নিহত সকলক গটংগাৰ দ্বীপেন বৰা, বালিপুখুৰীৰ ভাইকন পটংগীয়া, বেচেৰীয়াৰ বিদ্যুৎ নাথ, কাৱৈমাৰীৰ আকাশদ্বীপ বৰা আৰু ৰঙাপুখুৰীপাৰৰ বিশ্বজিৎ শইকীয়া বুলি চিনাক্ত কৰা হৈছে।

এই মৰ্মান্তিক দুৰ্ঘটনা আৰু ৫ যুৱকৰ অকাল মৃত্যুৱে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে সমগ্ৰ শোণিতপুৰত।