অহা ২৬ মাৰ্চত ছবিগৃহত মুক্তি পাব জুবিনৰ ‘ৰাজনীতি’
নিউজ ডেস্ক। অসমীয়া ছবি জগতৰ বাবে এক সুখবৰ! অহা ২৬ মাৰ্চত ছবিগৃহত মুক্তি পাব নতুন অসমীয়া ছবি ‘ৰাজনীতি’ ৷
ৰামধেনু প্ৰডাকছনৰ বেনাৰ নিৰ্মাণ কৰা এই ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জুবিন গাৰ্গ, তপন দাস, বৰষাৰাণী বিষয়া, গীতাৱলী ৰাজকুমাৰী, সন্দীপ শৰ্মা আৰু সিদ্ধাৰ্থ শৰ্মাকে ধৰি কেবাজনাে বিশিষ্ট অভিনেতা-অভিনেত্ৰীয়ে।

উল্লেখ্য যে ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপৰ দায়িত্বত আছে অভিজিৎ ভট্টাচাৰ্য্য। ছবিখনৰ সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গ, তৰালী শৰ্মা, জয়ন্ত কাকতি, অজয় ফুকন আৰু দৰ্শনে।
উল্লেখ্য যে বিগত বৰ্ষৰ ২১ ডিচেম্বত জ্যোতি চিত্ৰবনত এই ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ তথা এটা গীতৰো মুকলি কৰি দিয়া হৈছিল।

শেহতীয়াভাৱে ইউ টিউবত মুকলি কৰা হ’ল এই নতুন ছবি ‘ৰাজনীতি’ৰ টিজাৰ।
এই ছবিখনত সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ ভিন্ন কথা সমূহক উপস্থাপিত হ’ব বুলি ধাৰণা কৰা হৈছে।
এই ছবিখনক লৈ বহু আশাবাদী জুবিন গাৰ্গ, সকলাে কলা-কুশলীৰ ছবিখনৰ নিৰ্মাণৰ সৈতে জড়িত সকলাে লােক।
লগতে চাওকঃ