নিউজ ডেস্ক। নিজস্ব কন্ঠশৈলী আৰু স্পষ্টবাদিতাৰ বাবে সততে চৰ্চাত থকা ঝাৰখণ্ডৰ স্বাস্থ্য মন্ত্ৰী বান্না গুপ্তাই আকৌ এবাৰ দখল কৰিছে বাতৰিৰ শিৰোনামা ।
হোলী প্ৰীতিৰ এক অনুষ্ঠানত তেওঁ কবিতা পাঠ কৰি কয় যে বৰ্তমান সময়ত চোৰ সকলো হৈ পৰিছে নেতা আৰু ডকাইতসকল হৈ পৰিছে বিধায়ক।
বান্না গুপ্তা ফেনচ ক্লাবে আয়োজন কৰা কবি সন্মিলন তথা হোলী প্ৰীতি অনুষ্ঠানত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী বান্না গুপ্তা উপস্থিত আছিল মুখ্য অতিথি হিচাপে য’ত গুপ্তাই কবিতাৰে মানুহক আমোদ দিয়া দেখা গৈছিল।
স্বাস্থ্য মন্ত্ৰী বান্না গুপ্তাই অনুষ্ঠানত কয়, “কবিসকলৰ লক্ষ্যত সদায় নেতা আৰু আৰক্ষী থাকে।“
তেওঁৰ কবিতাত বান্না গুপ্তাই নেতা আৰু আৰক্ষীকো লক্ষ্য কৰি লৈছিল, য’ত তেওঁ কৈছিল, “চোৰ সকলো নেতা হৈছে, ডকাইতসকল বিধায়ক হৈ পৰিছে।