নৈশবাছৰ যাত্ৰীৰ ৰূপত ২৫ টা গৰু! জব্দ কৰিলে আৰক্ষীয়ে

নৈশবাছৰ যাত্ৰীৰ ৰূপত ২৫ টা গৰু! জব্দ কৰিলে আৰক্ষীয়ে

September 23, 2022 Off By NEWS DESK

নিউজ ডেস্ক। এইবাৰ নৈশবাছৰ যাত্ৰীৰ ৰূপত চােৰাং গৰু!

নতুন কৌশলেলে গৰুৰ চোৰাং সৰবৰাহ কৰিও বিফল হ’ল চােৰাং ব্যৱসায়ী।

এখন যাত্ৰীবাহী নৈশ বাছৰ পৰা জখলাবন্ধা আৰক্ষীয়ে জব্দ কৰে ২৫ টাকৈ চোৰাং গৰু।

নগাঁৱৰ কলিয়াবৰত চোৰাং গৰু, নৈশবাছ জব্দ কৰাৰ লগতে লগতে আটক কৰে দুজন লোকক।

আটকাধীন লোক দুজন হবিবুৰ ৰহমান আৰু ৰিবুল হুছেইন বুলি জানিব পৰা গৈছে।

এক গোপন সূত্ৰৰ পম খেদি জখলাবন্ধা আৰক্ষী চকীৰ আৰক্ষী বিষয়া আহিদুল ইছলামৰ নেতৃত্বত নিশা নাকাচাকি লগাই AS01 EC3337 নম্বৰৰ এখন নৈশ বাছৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ২৫টাকৈ চোৰাং গৰু।

চোৰাং গৰুকেইটা অৰুণাচল প্ৰদেশৰ পৰা নগাঁৱৰ ৰূপহীলৈ লৈ গৈ আছিল বুলি জানিব পৰা গৈছে।