নৈশ সান্ধ্য আইনৰ মাজতে চলি থকা বিবাহ অনুষ্ঠান বন্ধ প্ৰশাসনৰ, নিলম্বিত আৰক্ষী বিষয়া

নিউজ ডেস্ক। দেশত ভয়াৱহ ৰূপ লৈছে মহামাৰী কোৰোনাই। চৰকাৰ, প্ৰশাসন অথবা চিকিৎসকে বাৰম্বাৰ জনতাক অনুৰোধ কৰিছে ক’ভিড বিধি মানি চলিবলৈ। কিন্তু বৰ্তমানেও বহুতো লোকৰ গাত কথা লগা নাই এই সন্দৰ্ভত।

এইবাৰ তেনে এক দৃশ্যই দেখা গল পশ্চিম ত্ৰিপুৰা জিলাত।

সোমবাৰে নৈশ সান্ধ্য আইন ভংগ কৰি বহুতো লোকে আয়োজন কৰিলে বিবাহ অনুষ্ঠান। যি কথা জানিব পাৰি জিলা দণ্ডাধীশ উপস্থিত হয় বিবাহস্থলীত আৰু বন্ধ কৰে বিবাহ অনুষ্ঠান। লগতে বিবাহত উপস্থিত থকা সকলো লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈয়ো আৰক্ষীক নিৰ্দেশ দিয়ে তেওঁ।

জানিব পৰা মতে, পশ্চিম ত্ৰিপুৰাৰ জিলা দণ্ডাধীশ শৈলেস কুমাৰ যাদৱে বিবাহ অনুষ্ঠিত কৰা চহৰৰ দুটা বিবাহ ভৱন এবছৰৰ বাবে ছীল কৰি দিয়ে।

মহামাৰী আইন, দুৰ্যোগ আইন আৰু নৈশ সান্ধ্য আইন ভংগ কৰাৰ অপৰাধত তেওঁ বিবাহ অনুষ্ঠানত উপস্থিত প্ৰত্যেকৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিয়ে আৰক্ষীক।

তেওঁ এইক্ষেত্ৰত প্ৰশাসনক স্থানীয় আৰক্ষীয়ে সহায় নকৰাত ক্ষোভ প্ৰকাশ কৰে আৰু নিজেই হাতত গ্লভ পিন্ধি বিবাহ ভৱনত উপস্থিত হয়।

জিলা দণ্ডাধীশে দিয়া নিৰ্দেশ অমান্য কৰাৰ বাবে তেওঁ পূব আগৰতলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে আন কৰ্তব্যৰত আৰক্ষী জোৱান সকলক নিলম্বনৰ বাবে চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰে।

সেই অনুষ্ঠানৰ ভাইৰেল হোৱা এক দৃশ্যত দেখা অনুসৰি, বিবাহ অনুষ্ঠানত দৰা-কইনা সহ বহুতো লোক উপস্থিত আছিল। সেই সময়তে খঙত ফাটি পৰা জিলা দণ্ডাধীশ শৈলেস কুমাৰ যাদৱ উপস্থিত হয় বিবাহস্থলীত। তেওঁ লগে লগে উপস্থিত সকলোকে ধমক দিয়ে আৰু বিবাহ ভংগ কৰিবলৈ কয়।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াক তেওঁ বিবাহ অনুষ্ঠানত উপস্থিত প্ৰত্যেককে গ্ৰেপ্তাৰ কৰিবলৈ কঠোৰভাৱে নিৰ্দেশ দিয়ে। ইয়াৰোপৰি বিবাহ ভৱনৰ বাহিৰত কৰ্তব্যত থকা আৰক্ষীক গালি-গালাজ কৰে। কিন্তু তাৰ বিপৰীতে প্ৰট’কল ভংগ কৰি বিবাহ অনুষ্ঠিত কৰা দৰা-কইনাৰ পৰিয়ালৰ সদস্য সকলে দণ্ডাধীশজনৰ লগত তৰ্কবাদতহে লিপ্ত হোৱা দেখা যায়।

তেওঁলোককো দণ্ডাধীশজনে ধমক দি কয় যে- “এই সময় উদযাপনৰ সময় নহয়, আপোনালোকে কভিড প্ৰট’কল ভংগ কৰিছে। আপোনালোকৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰা হ’ব।”

Leave a Comment